ETV Bharat / state

AASU calls Tinsukia and Dibrugarh Bandh : তিনিচুকীয়া-ডিব্ৰুগড়ত আছুৰ বন্ধৰ সৰ্বাত্মক প্ৰভাৱ - ডিব্ৰু মহাবিদ্যালয়ৰ নিৰ্বাচনকেন্দ্ৰিক সংঘাত

ডিব্ৰু মহাবিদ্যালয়ৰ নিৰ্বাচনকেন্দ্ৰিক সংঘাত ৷ তদন্ত অবিহনে আছু কৰ্মীক শাৰিৰীক প্ৰহাৰ কৰাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে ৷ যাৰ পৰিপ্ৰেক্ষিতত দেওবাৰৰ দিনটোত সদৌ অসম ছাত্ৰ সন্থাই তিনিচুকীয়া আৰু ডিব্ৰুগড় বন্ধৰ আহ্বান (AASU calls Tinsukia and Dibrugarh Bandh) জনায় ৷ আছুই আহ্বান জনোৱা এই বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে দুয়োখন জিলাতে ৷

aasu protest
আছুয়ে আহ্বান জনোৱা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ তিনিচুকীয়াত
author img

By

Published : Dec 26, 2021, 11:56 AM IST

তিনিচুকীয়া/মৰাণ, 26 ডিচেম্বৰ : ডিব্ৰু মহাবিদ্যালয়ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি হোৱা মাৰপিটৰ ঘটনাত ডিব্ৰুগড় আৰক্ষীয়ে সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যক প্ৰহাৰ কৰাৰ ঘটনাত ক্ষোভ প্ৰকাশ কৰিছে আছু কৰ্মীসকলে (police arrested aasu members centered a clash emerging during college election) ৷ আৰক্ষীৰ এনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে সংগঠনৰ সদস্যসকলে ৷

ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এই ঘটনাৰ গৰিহণা দি ৰাজনৈতিক উদ্দেশ্য পূৰণৰ বাবেই ডিব্ৰুগড় আৰক্ষীয়ে খাকী পোছাকত কালিমা সনা বুলি অভিযোগ উত্থাপন কৰে ৷

aasu protest
আছু সদস্যক নিৰ্মম প্ৰহাৰৰ বিৰোধিতা কৰি সংগঠনটোৰ বন্ধৰ আহ্বান

উল্লেখযোগ্য যে, ডিব্ৰু মহাবিদ্যালয়ৰ নিৰ্বাচন (Election at Dibru College) কেন্দ্ৰিক এখন কাজিয়াত মাৰপিটৰ ঘটনাই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পিছতেই আৰক্ষীয়ে আছু সদস্যসকলৰ ওপৰত আক্ৰমণ চলাইছিল বুলি সংগঠনটোৰ শীৰ্ষ নেতৃত্বই অভিযোগ তোলে ৷

আৰক্ষীয়ে প্ৰথমে আছু নেতাক আটক কৰি 24 ঘণ্টা নৌহওতেই এৰি দিয়ে ৷ পৰৱৰ্তী সময়ত পুনৰ আৰক্ষীয়ে শ্বহীদ ভৱনত অতৰ্কিতে প্ৰৱেশ কৰি নিৰীহ আছু কর্মীসকলক শাৰিৰীকভাৱে প্ৰহাৰ কৰে ৷ আৰক্ষীয়ে কেৱল ইয়াতে ক্ষান্ত নাথাকি আছু কৰ্মীসকলে ব্যৱহাৰ কৰা বাহনসমূহ জব্দ কৰি থানালৈ নিয়ে ৷

আৰক্ষীৰ এই বৰ্বৰতাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি দেওবাৰে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা বন্ধ ঘোষণা কৰিছে আছুৱে (AASU calls Tinsukia and Dibrugarh Bandh) । দুয়োখন জিলাতে এই বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপত পৰা দেখা গৈছে ৷ পুৱাৰ ভাগত তিনিচুকীয়াৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সন্থাৰ সদস্যসকলে ৷

প্ৰতিজন আছু কর্মীক বিনাচৰ্তে মুকলি কৰি দোষীক উপযুক্ত শাস্তি বিহাৰ দাবী জনাইছে সংগঠনটোৱে ৷ সংগঠনটোৱে দেওবাৰৰ দিনটোত 36 ঘণ্টীয়া তিনিচুকীয়া বন্ধৰ বিপৰীতে 24 ঘণ্টীয়া ডিব্ৰুগড় জিলা বন্ধৰ ঘোষণা কৰিছিল ৷

ইফালে ডিব্ৰুগড় জিলা আৰক্ষীৰ তৰফৰ পৰা এই বন্ধ উঠাই ল’বলৈ সংগঠনটোক নিৰ্দেশ দিয়া হৈছে ৷ এক জাননীযোগে জিলাখনৰ আৰক্ষী অধীক্ষকে সদৰী কৰে এই কথা ৷

aasu-calls-tinsukia-and-dibrugarh-bandh-today
আৰক্ষীয়ে জাৰি কৰা জাননী

লগতে পঢ়ক : খং উঠিছে শংকৰ জ্যোতি বৰুৱাৰ : আছু কৰ্মীক বিনাদোষে আৰক্ষীয়ে লাঠীৰ কোব সোধোৱাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.