ETV Bharat / state

মহাবাহুৰ পাৰত মিলন ঘটিল বিশ্ব বিখ্যাত দুই সংগীত শিল্পীৰ.. - MUSIC DIRECTOR

ধুবুৰীৰ মহাবহু ব্ৰহ্মপুত্ৰৰ পাৰত বিশ্ব বিখ্যাত দুই সংগীত শিল্পীৰ মিলন । ভাৰত ৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু সুৰকাৰ তথা বিশিষ্ট সংগীত পৰিচালক ৰাহুল দেৱ বৰ্মনৰ ঘটিল মহামিলন । একপ্ৰকাৰ ধুবুৰীৰ ঐতিহাসিক নেতাই ধুবুনী ঘাট সাক্ষী হ'ল দুই মহান সংগীত শিল্পীৰ মহা মিলনৰ ।

ধুবুৰীৰ মহাবাহুৰ পাৰত মিলন ঘটিল বিশ্ব বিখ্যাত দুই সংগীত শিল্পীৰ..
author img

By

Published : Jun 27, 2019, 10:01 PM IST

ধুবুৰী,27জুনঃ প্ৰয়াত সংগীত পৰিচালক আৰ ডি বর্মনৰ বৃহস্পতিবাৰে আশী সংখ্যক ওপজা দিন। এই ওপজা দিনৰ লগত সংগতি ৰাখি ধুবুৰী আৰ ডি বৰ্মণ ফেন্স ক্লাৱে নিজা প্ৰচেষ্টাত স্থাপন কৰে আৰ ডি বর্মনৰ এক আৱক্ষ প্ৰতিমূৰ্তি । পশ্চিম বংগৰ বিশিষ্ট মহিলা ভাস্কৰ্য শিল্পী জয়শ্ৰী বিশ্বাসে নিৰ্মাণ কৰা আৰ ডি বর্মনৰ এই আৱক্ষ প্ৰতিমূৰ্তি বৃহস্পতিবাৰে শুভ উন্মোচন কৰে অসমৰ সংগীত শিল্পী জে পি দাস আৰু পুলক বেনাৰ্জীয়ে। আনহাতে ২০১৪ চনতে ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত স্থাপন কৰা হৈছিল ভাৰত ৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ আৱক্ষ প্ৰতিমূৰ্তি। মুঠৰ ওপৰত বৃহস্পতিবাৰে নেতাই ধুবুনী ঘাট আৰু মহাবহু ব্ৰহ্মপুত্ৰক সাক্ষী কৰি দুয়োগৰাকী মহান শিল্পীৰ যেন মহামিলন ঘটিল ধুবুৰীত । আৰ ডি বর্মনৰ অৱক্ষ মূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰি এই কথা প্ৰকাশ কৰে সংগীত শিল্পী জে পি দাস আৰু পুলক বেনাৰ্জীয়ে।

ধুবুৰীৰ মহাবাহুৰ পাৰত মিলন ঘটিল বিশ্ব বিখ্যাত দুই সংগীত শিল্পীৰ..

ইপিনে অসমৰ ভিতৰত প্ৰথম ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত আৰ ডি বর্মনৰ আৱক্ষ প্ৰতিমূৰ্তি স্থাপন কৰাত গৌৰৱান্বিত ধুবুৰীবাসী ।

Intro: ধুবুৰীৰ মহাবহু ব্ৰহ্মপুত্ৰৰ পাৰত বিশ্ব বিখ্যাত দুই সংগীত শিল্পীৰ মিলন। ভাৰত ৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু সুৰকাৰ তথা বিশিষ্ট সংগীত পৰিচালক ৰাহুল দেৱ বৰ্মনৰ ঘটিল মহামিলন। একপ্ৰকাৰ ধুবুৰীৰ ঐতিহাসিক নেতাই ধুবুনী ঘাট সাক্ষী হৈ থাকিল দুই মহান সংগীত শিল্পীৰ মহা মিলনৰ।

Body: হয়, মহাবহু ব্ৰহ্মপুত্ৰৰ পাৰত থাকি ভাৰত ৰত্ন সুধাকণ্ঠ ভূপেন দাই আজি বৰ সুখী। ব্ৰহ্মপুত্ৰক ভাল পোৱা ভূপেন দাই ব্ৰহ্মপুত্ৰক চাই থকাৰ বিপৰীতে ব্ৰহ্মপুত্ৰই চাই আছে ভূপেন দাক। আনহাতে ব্ৰহ্মপুত্ৰৰ পাৰত ঐতিহাসিক নেতাই ধুবুনী ঘাটত আছে আন এগৰাকী মহান সংগীত শিল্পী তথা সংগীত পৰিচালক ৰাহুল দেৱ বৰ্মণ অৰ্থাৎ আৰ ডি বৰ্মণ। আজি দুয়ো গৰাকী মহান শিল্পীৰ মিলন ঘটিল ধুবুৰীত। আৰু ইয়াৰ সাক্ষী হৈ থাকিল ঐতিহাসিক নেতাই ধুবুনী ঘাট।
দৰাচলতে, ১৯৩৯ চনৰ আজিৰ দিনটোতেই জন্ম গ্ৰহণ কৰা প্ৰয়াত সংগীত পৰিচালক আৰ ডি বর্মনৰ আজি আশী সংখ্যক ওপজা দিন। আজিৰ এই ওপজা দিনৰ লগত সংগতি ৰাখি ধুবুৰী আৰ ডি বৰ্মণ ফেন্স ক্লাৱে নিজা প্ৰচেষ্টাত স্থাপন কৰিছে আৰ ডি বর্মনৰ এই অৱক্ষ প্ৰতিমূৰ্তি। পশ্চিম বংগৰ বিশিষ্ট মহিলা ভাস্কৰ্য্য শিল্পী জয়শ্ৰী বিশ্বাসে নিৰ্মাণ কৰা আৰ ডি বর্মনৰ এই অৱক্ষ প্ৰতিমূৰ্তিৰ আজি শুভ উন্মোচন কৰে অসমৰ বিশিষ্ট সংগীত শিল্পী জে পি দাস আৰু পুলক বেনাৰ্জীয়ে। আনহাতে ২০১৪ চনত ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত স্থাপন কৰা হৈছিল ভাৰত ৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ অৱক্ষ প্ৰতিমূৰ্তি। মুঠৰ ওপৰত আজি নেতাই ধুবুনী ঘাট আৰু মহাবহু ব্ৰহ্মপুত্ৰক সাক্ষী ৰাখি দুয়ো গৰাকী মহান শিল্পীৰ যেন মহামিলন ঘটিল ধুবুৰীত। এই কথা স্বীকাৰ কৰিছে বিশিষ্ট সংগীত শিল্পী জে পি দাস আৰু পুলক ব্যনাৰ্জীয়েও।
Byte:- জে পি দাস আৰু পুলক ব্যনাৰ্জী।

ইপিনে সংগীত পৰিচালক আৰ ডি বর্মনক কোনোদিনে নেদেখা এই গৰাকী ভাস্কৰ্য্য শিল্পী জয়শ্ৰী বিশ্বাসে দুই মাহৰ ভিতৰত নিৰ্মান কৰি উলিয়াইছে আৰ ডি বর্মনৰ এই অৱক্ষ প্ৰতিমূৰ্তি। এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰোঁতে মুঠ খৰচ হৈছে ৭৫ হাজাৰ টকা।
Byte:- জয়শ্ৰী বিশ্বাস, ভাস্কৰ্য্য শিল্পী।

উল্লেখযোগ্য যে, আৰ ডি বর্মনৰ অৱক্ষ মূৰ্তি উন্মোচন কৰাৰ পূৰ্বে সুধাকণ্ঠ ভূপেন হাজৰিকা গোলাপ উদ্যানত উপস্থিত হৈ ভূপেন দাৰ অৱক্ষ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সংগীত শিল্পী জে পি দাস আৰু পুলক ব্যনাৰ্জীয়ে। তাৰ পিছত আনুষ্ঠানিক ভাৱে উন্মোচন কৰে আৰ ডি বর্মনৰ অৱক্ষ প্ৰতিমূৰ্তি। কিন্তু সুধাকণ্ঠ ভূপেন দাৰ গোলাপ উদ্যান আৰু ব্ৰহ্মপুত্ৰৰ পাৰৰ নেতাই ধুবুনী ঘাটত উপস্থিত হৈ যথেষ্ট সুখী হোৱা শিল্পী পুলক ব্যনাৰ্জী কিছু দুঃখিত। কাৰণ বন জংঘলে আৱৰি ৰাখিছে সুধাকণ্ঠ ভূপেন দাক। ভূপেন দাক জংঘলৰ পৰা মুক্তি দি অলপ পৰিষ্কাৰ কৈ ৰাখিবলৈ আহ্বান জনাইছে।
Byte:- পুলক ব্যনাৰ্জী।।

Conclusion: উল্লেখযোগ্য যে, অসমৰ ভিতৰত প্ৰথম ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত আৰ ডি বর্মনৰ আৱক্ষ প্ৰতিমূৰ্তি স্থাপন কৰাত গৌৰৱাম্বিত ধুবুৰীবাসী। আজি ব্ৰহ্মপুত্ৰ আৰু ঐতিহাসিক নেতাই ধুবুনী ঘাটক সাক্ষী কৰি ভূপেন দা আৰু আৰ ডি বৰ্মনৰ দৰে দুই মহান শিল্পী মহা মিলন ঘটিল ধুবুৰীত।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.