ETV Bharat / state

এন আৰ চিৰ নামত ধন সংগ্ৰহ কৰি আটত তিনিজন

author img

By

Published : Nov 30, 2019, 10:51 AM IST

ধুবুৰীত এন আৰ চিত নাম অন্তর্ভূক্তিৰ আশ্বাসেৰে, একাংশ লোকৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে এটা চক্ৰৰ বিৰুদ্ধে ৷

আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা
ধৃত তিনিজন অভিযুক্ত

ধুবুৰী, 30 নৱেম্বৰ: সম্প্ৰতি বাৰুকৈয়ে চিন্তিত হৈ পৰিছে এন আৰ চিত নাম অন্তৰ্ভূক্ত নোহোৱা লোক সকল ৷ তেনে সময়তে ধুবুৰীত এন আৰ চিত নাম অন্তর্ভূক্তিৰ আশ্বাসেৰে, একাংশ লোকৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে এটা চক্ৰৰ বিৰুদ্ধে ৷

ধুবুৰী পৌৰসভাৰ 3নং ৱাৰ্ডৰ বিৱেকানন্দ পথৰ প্ৰায় এশটা পৰিয়ালৰ পৰা এচাম অচিনাক্ত ব্যক্তিয়ে এন আৰ চিত নাম অন্তর্ভূক্তিৰ প্ৰতিশ্ৰুতিৰে সংগ্ৰহ কৰিছে ধন ৷ উল্লেখিত ৱাৰ্ডৰ কেইগৰাকীমান ব্যক্তিয়ে ঘটনা সম্পৰ্কে, ধুবুৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে ৷

এন আৰ চিত ভূৱা নথিৰে নামভৰ্তিৰ আশ্বাস, আটক তিনি অভিযুক্ত

এজাহাৰৰ ভিত্তিত ইতিমধ্যে ছফিউল হক, জহিৰুল ইছলাম আৰু জয়ন্ত ঘোষ নামৰ তিনিগৰাকী ব্যক্তিক আটক কৰি জেৰা অব্যাহত ৰাখিছে যদিও, ঘটনা সন্দৰ্ভত বৰ্তমানলৈ কোনো তথ্য সদৰী কৰা নাই আৰক্ষীয়ে ৷

আটকাধীন তিনিওজন অভিযুক্তৰ ঘৰ ধুবুৰীত বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: পঁচা চাউলেৰে চলিছে গোৱালপাৰাৰ সংহত শিশু উন্নয়ন বিকাশ কেন্দ্ৰ

Intro:এন আৰ চি আৰু লোকপিয়লৰ নামত ধন সংগ্ৰহৰ অভিযোগত ধুবুৰীত আটক তিনিজন ব্যক্তিক। Body:লোকপিয়ল অথৱা এন আৰ চিত নাম অন্তর্ভূক্তৰ বিনিময়ত এটা চক্ৰই ধুবুৰী চহৰৰ একাংশ নিৰীহ লোকৰ পৰা ধন সংগ্ৰহ কৰি থকা বুলি যোৱা নিশা ধুবুৰী পৌৰসভাৰ ৩নং ওৱাৰ্ডৰ কেইজনমান ব্যক্তিয়ে ধুবুৰী সদৰ থানাত দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তিনিগৰাকী ব্যক্তিক আটক কৰি চলাইছে জেৰা৷ এজাহাৰ অনুসৰি উক্ত ৱাৰ্ডৰ বিৱেকানন্দ পথৰ প্ৰায় এশটা পৰিয়ালৰ পৰা কিছু অচিনাক্ত ব্যক্তিয়ে লোকপিয়ল অথৱা এন আৰ চিত নাম অন্তৰ্ভুক্তৰ প্ৰতিশ্ৰুতিৰে ধন সংগ্ৰহ কৰিবলৈ লৈছে৷ এজাহাৰ খনত চক্ৰটোৱে দুই হেজাৰ টকা দাৱী কৰাকে ধৰি অঞ্চলটোৰ জনৈক আশা পাচোৱানৰ পৰা ইতিমধ্যে ১৫০০ টকা সংগ্ৰহ কৰা বুলি স্পষ্ট ভাৱে উল্লেখ আছে৷ উক্ত এজাহাৰখনৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে ছফিয়ূল হ'ক, জহিৰুল ইছলাম আৰু জয়ন্ত ঘোষক আটক কৰি শোধপোছ চলাই থকা বুলি উল্লেখ কৰে আৰক্ষীয়ে৷ আটকাধীন তিনিওৰে ঘৰ ধুবুৰীত৷ এই ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। Conclusion:সম্প্ৰতি আৰক্ষীয়ে জেৰা চলাই আছে যদিওঁ তেনে কোনো তথ্য সদৰী কৰা নাই আৰক্ষীয়ে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.