ধুবুৰী, 27 এপ্ৰিল : ধুবুৰীৰ বিএন কলেজত অহা ২ মে'ত ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ বিধানসভা সমষ্টিৰ ভোটগণনা নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে আজি ধুবুৰী জিলা প্ৰশাসনে তিনিওটা সমষ্টিৰ নিৰ্বাচনী এজেন্টৰ সকলৰ সৈতে এক বৈঠকত মিলিত হয় ৷ ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাখনত গোলকগঞ্জ সমষ্টিৰ ৰিটাৰ্নিং বিষয়া তথা জিলা উন্নয়ণ আয়ুক্ত বনশ্ৰী নাথে সভাপতিত্ব কৰে ৷
গৌৰীপুৰ সমষ্টিৰ ৰিটাৰ্নিং বিষয়া তথা ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনিমেষ তালুকদাৰ, ধুবুৰীৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, নিৰ্বাচন বিষয়া পাৰ্থ প্ৰতীম বৰ্মন, সহকাৰী আয়ুক্ত দেৱসেনা বৰ্মন আদিকে ধৰি কেইবাগৰাকী শাসনীয় বিষয়া বৈঠকত উপস্থিত থাকে ৷ ভোটগণনা প্ৰক্ৰিয়া কিদৰে সম্পন্ন কৰা হ'ব সেই সন্দৰ্ভত নিৰ্বাচনী এজেন্টসকলৰ সৈতে সবাত আলোচনা কৰা হয় ৷
ইতিমধ্যে ভোটগণনাৰ বাবে ২০০ গৰাকী গণনা নিৰীক্ষক আৰু গণনা সহায়কক প্ৰথম পৰ্যায়ত প্ৰশিক্ষণ দিয়া হৈছে ৷ তেওঁলোকৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে ৷ ইয়াৰোপৰি ১০০ গৰাকী মাইক্ৰ' অভজাৰভাৰক আজি প্ৰশিক্ষণ দিয়া হয় ৷ এই কথা সদৰি কৰে অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে ৷