ETV Bharat / state

পূৱ বিলাসীপাৰাত উদ্ধাৰ দেৱী মূৰ্ত্তি

author img

By

Published : Jan 4, 2021, 12:47 PM IST

সোনৰ প্ৰলেপ দিয়া মূৰ্ত্তিক লৈ ৰাইজৰ উৎসুকতা । চাপৰৰ শালকোচাত হাবিৰ মাজত উদ্ধাৰ দেৱী মূৰ্তি । ঘটনাক লৈ তীব্ৰ চাঞ্চল্য ।

পূৱ বিলাসীপাৰাত উদ্ধাৰ দেৱী মূৰ্ত্তি
পূৱ বিলাসীপাৰাত উদ্ধাৰ দেৱী মূৰ্ত্তি

ধুবুৰী, ৪ জানুৱাৰী: ধুবুৰী জিলাৰ পূৱ বিলাসীপাৰাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শালকোচাৰ পুখুৰী পাৰত উদ্ধাৰ হয় এটা দেৱী মূৰ্তি । অঞ্চলটোৰ ঐতিহাসিক বুঢ়া-বুঢ়ী মন্দিৰৰ পিছফালে থকা শ্মশানৰ ওচৰৰ হাবিত একাংশ শ্ৰমিকে কাম কৰি থকা অৱস্থাত উদ্ধাৰ হয় মূৰ্তিটো । শ্ৰমিকসকলে মূৰ্তিটো প্ৰত্যক্ষ কৰি মন্দিৰ সমিতিক অৱগত কৰে । মন্দিৰ সমিতিয়ে মূৰ্তিটো উদ্ধাৰ কৰি সম্প্ৰতি বুঢ়া-বুঢ়ী ধামত সংৰক্ষণ কৰি ৰাখিছে ।

উদ্ধাৰ হোৱা দেৱী মূৰ্তিটো সোণৰ বুলি সন্দেহ প্ৰকাশ কৰিছে মন্দিৰ সমিতিৰ লগতে স্থানীয় ৰাইজে । ইপিনে সোনৰ প্ৰলেপ দিয়া দশভূজা মূৰ্তিটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । উদ্ধাৰৰ পাচতেই বিভিন্ন স্থানৰ পৰা ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: মৰাণত বিনামূলীয়া পাৱাৰ টিলাৰ বিতৰণ কৃষকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.