ETV Bharat / state

বানৰ কৱলত দক্ষিণ মানকাচৰৰ বিস্তীৰ্ণ অঞ্চল

author img

By

Published : Jun 30, 2020, 10:58 PM IST

দক্ষিণ শালমাৰা মানকাচৰ জিলাত বানৰ সংহাৰী ৰূপ। জলমগ্ন শতাধিক গাঁও । বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি।

south salmora mancachor district affected by flood

ধুবুৰী, 30 জুন : ৰাজ্যত বৰ্তমান কৰ'ণা ভাইৰাছৰ সমান্তৰালকৈ অব্যাহত আছে বানৰ বিভীষিকা ৷ সমগ্ৰ অসমৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰো বিভিন্ন ঠাইত বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। নিৰাপদ আশ্রয়স্থল বিচাৰি হাহাকাৰ কৰিব লগীয়া হৈছে বন্যাৰ্ত সকলে । তাৰ সমান্তৰালকৈ গৰু-ছাগলী আদি পশুধনসমূহক লৈও আন এক বিপদৰ সম্মুখীন হৈছে বানাক্ৰান্ত ৰাইজ । শিবিৰ পাতি লোকসকল আছে যদিও শিবিৰত মহিলা সকলৰ বাবে নাই কোনো সু ব্যৱস্থা।

জলমগ্ন শতাধিক গাঁও

মংগলবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শ্বৰিফুল ইছলাম প্ৰধানীৰ লগতে জাহাংগীৰ আলম আহমেদে দক্ষিণ শালমাৰা সমষ্টিৰ ফকিৰগঞ্জ অঞ্চলৰ কেইটামান শিবিৰ পৰ্যবেক্ষণ কৰে ৷ পৰ্যবেক্ষণ কালত তেওঁলোকে কয় যে, বানৰ ফলত দক্ষিণ শালমাৰাবাসী ৰাইজে বহু কষ্টত দিন কটাবলগীয়া হৈছে ৷ যিসকল শিবিৰত আছে সেই সকলৰ অৱস্থা অতিকৈ দুখলগা কাৰণ শিবিৰবোৰত খোৱা পানীৰ ব্যৱস্থা, শৌচালয়,পৰ্যাপ্ত পৰিমানৰ ঔষধ, শিশু খাদ্য, গৰ্ভৱতী মহিলা সকলৰ বাবে বিশেষ ব্যৱস্থা আদি নথকাৰ অভিযোগ তুলিছে তেওঁলোকে ৷ এতিয়ালৈকে ৰাইজৰ বাবেও কোনো খাদ্য সামগ্ৰী যোগান ধৰা নাই চৰকাৰ তথা প্ৰশাসনে । সাধাৰণ সম্পাদক শ্বৰিফুল ইছলাম প্ৰধানীয়ে অতি সোনকালে চৰকাৰ তথা প্ৰশাসনক বানাক্ৰান্তৰ বাবে সকলো ধৰণৰ সুবিধা প্ৰদান কৰি পৰ্যাপ্ত পৰিমাণৰ সাহায্য প্ৰদানৰ দাবী জনায় ।

সংহাৰী বানৰ কৱলত দক্ষিণ শালমৰা মানকাচৰ

ইপিনে জিলা খনৰ মানকাচৰ বিধানসভা সমষ্টিত কেইবাদিনৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত প্ৰায় অৰ্ধ শতাধিক গাওঁ পানীৰ তলত বুৰ যোৱা পৰিলক্ষিত হৈছে ৷ বানৰ ফলত হেজাৰ হেজাৰ বিঘা কৃষিভূমি বৰ্তমান পানীৰ তলত ৷ মৰাপাট, ধান, শাকপাচলি আদি নষ্ট হোৱাত মূৰে কপালে হাত দিব লগা হৈছে কৃষক সকলে ৷ মানুহৰ লগতে পশুধনৰ থকা ঠাই নথকাত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷ বানাক্ৰান্ত ৰাইজৰ মাজত বৰ্তমান দেখা দিছে খাদ্য আৰু খোৱা পানীৰ অভাৱে ৷ বানাক্ৰান্ত পৰিয়াল সমূহে এইদৰে নিৰাপদ আৰু ওখ ঠাই বিচাৰি অন্য ঠাইলৈ ঢাপলি মেলা পৰিলক্ষিত হৈছে । কিন্তু এতিয়ালৈকে কোনো জনপ্ৰতিনিধিৰ লগতে জিলা প্ৰশাসনে খা-খবৰ নোলোৱাত ক্ষুব্ধ হৈ পৰিছে বন্যাৰ্তসকল ৷

লগতে পঢ়ক : ক'ভিড-19 আক্ৰান্ত স্বাস্থ্যকৰ্মীৰ পৰিয়ালৰ ভয়ংকৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.