ETV Bharat / state

সীমান্তত উপস্থিত হৈ বানৰ খবৰ ল'লে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে - Flood

বাংলাদেশৰ বানে উটুৱাই নিলে দক্ষিণ শালমাৰা ভাৰত বাংলা সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰ সহ প্ৰায় ডেৰশ মিটাৰ সীমান্ত পথ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত দ্বিতীয় দিন সীমান্তত উপস্থিত মন্ত্ৰী ফণীভূষণ চৌধুৰী

সীমান্তত উপস্থিত হৈ বানৰ খবৰ ল'লে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে
author img

By

Published : Jul 16, 2019, 11:03 PM IST

ধুবুৰী, 16 জুলাইঃ দক্ষিণ শালমাৰা ভাৰত বাংলা সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ সহ বৃহৎ এলেকা বানে উটুৱাই নিয়াৰ পিছত মঙলবাৰে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সীমান্তৰ ঘটনাস্থলীত উপস্থিত হৈ বান গৰাখহনীয়াৰ বুজ ললে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে । সোমবাৰে দিনৰ দুই বজাৰ পৰা চব্বিশ ঘণ্টাৰ ভিতৰত প্ৰায় ডেৰশ মিটাৰ এলেকা উটুৱাই নিয়ে বাংলাদেশৰ বাঢ়নী পানীয়ে। এই খবৰ পোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বানপানীৰ বুজ ল'বলৈ মানকাচৰত উপস্থিত হয় মন্ত্ৰী ফণীভূষণ চৌধুৰী।

সীমান্তত উপস্থিত হৈ বানৰ খবৰ ল'লে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে

জিলা উপায়ুক্ত আতিকা চুলতানা, বিধায়ক ডাঃ মতিয়ৰ ৰহমান মণ্ডল, প্ৰাক্তন বিধায়ক জাবেদ ইছলাম আৰু একাংশ প্ৰশাসনিক বিষয়াৰ সৈতে মন্ত্ৰী গৰাকীয়ে সীমান্তৰ ঘটনাস্থলীত উপস্থিত হৈ বি এছ এফৰ উচ্চ পদস্থ বিষয়া আৰু জিলা উপায়ুক্তৰ পৰা সীমান্তৰ লগতে জিলা খনৰ বান পৰিস্থিতিৰ বুজ লয় । মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সীমান্তত উপস্থিত হৈ শীঘ্ৰেই সীমান্তৰ পথটো মেৰামতিৰ লগতে কাঁইটীয়া তাঁৰৰ বেৰ মেৰামতি কৰাৰ বাবে যি ব্যৱস্থা ল'ব লাগে সেয়া ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।

আৰু পঢ়কঃ আকাশৰ পৰাই বান পৰিস্থিতিৰ বুজ ল'লে কেন্দ্ৰীয় মন্ত্ৰীয়ে

Intro:বাংলাদেশৰ বানে উটুৱাই নিলে দক্ষিণ শালমাৰা ভাৰত বাংলা সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰ সহ প্ৰায় ডেৰশ মিটাৰ সীমান্ত পথ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত দ্বিতীয় দিন সীমান্তত উপস্থিত মন্ত্ৰী ফণীভূষণ চৌধুৰী।Body:দক্ষিণ শালমাৰা ভাৰত বাংলা সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰ সহ বৃহৎ এলেকা বাংলাদেশৰ বানে উটুৱাই নিয়াৰ পিছত আজি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সীমান্তৰ ঘটনাস্থলীত উপস্থিত হৈ বান গৰাখহনীয়াৰ বুজ ললে মন্ত্ৰী ফণীভুষণ চৌধুৰীয়ে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ পাৰ্শ্বৱৰ্তী ভাৰত - বাংলাদেশ সীমান্তৰ আছামেৰ আলগাৰ কামাৰ পাৰাৰ সীমান্ত পথত বাংলাদেশৰ বানে তাণ্ডৱ চলাই কাঁইটীয়া তাৰৰ বেৰ সহ শিশুমাৰা - সাহাপাৰা সীমান্ত পথৰ বৃহৎ এলেকা উটুৱাই নিয়ে। সোমবাৰে দিনৰ দুই বজাৰ পৰা চব্বিশ ঘণ্টাৰ ভিতৰত প্ৰায় ডেৰশ মিটাৰ এলেকা উটুৱাই নিয়ে বাংলাদেশৰ বাঢ়নী পানীয়ে। ইপিনে এই খবৰ পোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আজি দিনৰ ১ বজাত মানকাচৰৰ বানপানীৰ বুজ লৱলৈ মানকাচৰত উপস্থিত হয় মন্ত্ৰী ফণীভূষণ চৌধুৰী। জিলা উপায়ুক্ত আতিকা চুলতানা, বিধায়ক ডাঃ মতিয়ৰ ৰহমান মণ্ডল, প্ৰাক্তন বিধায়ক জাবেদ ইছলাম আৰু একাংশ প্ৰশাসনিক বিষয়াৰ সৈতে মন্ত্ৰী গৰাকীয়ে সীমান্তৰ ঘটনাস্থলীত উপস্থিত হৈ বি এছ এফৰ উচ্চ পদস্থ বিষয়া আৰু জিলা উপায়ুক্তৰ পৰা বুজ সীমান্তৰ লগতে জিলা খনৰ বান পৰিস্থিতিৰ। উল্লেখযোগ্য যে, সীমান্তৰ পথটোৰ 1051-2/s নম্বৰৰ পিলাৰৰ কাষত সীমান্ত পথটোত প্ৰথমে এটা গাঁতৰ সৃষ্টি হয়। তাৰ পিছতেই লাহে লাহে বানৰ সোঁতত উটি যায় সীমান্ত পথটোৰ লগতে কাঁইটীয়া তাৰৰ বেৰৰ বৃহৎ অংশ। ফলত জিলা সদৰ চহৰৰ লগতে বহিঃবিশ্বৰ সৈতে বিচ্ছিন্ন হৈ পৰে সীমান্তৰ যোগাযোগ ব্যৱস্থা।যাৰ ফলত বি এছ এফৰ বিষয়া- জোৱান, জিলা প্ৰশাসন আৰু স্থানীয় ৰাইজৰ মাজত বৰ্তমান হাহাকাৰৰ সৃষ্টি হৈছে। আনকি মানকাচৰৰ প্ৰায় পোন্ধৰখন গাওঁ পঞ্চায়তৰ এক বৃহৎ এলেকা বানৰ কৱলত পৰি বুৰ যোৱাৰ ফলত স্থানীয় ৰাইজৰ মাজত এক আতংকই বিৰাজ কৰা পৰিলক্ষিত হৈছে। বানৰ কবলত পৰা হিমান্তবাসী ৰাইজে সীমান্ত পথৰ ওপৰত আশ্ৰয় লবলৈ আৰম্ভ কৰিছে।
অৱশ্যে আজি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সীমান্তত উপস্থিত হৈ শীঘ্ৰেই সীমান্তৰ পথটো মেৰামতিৰ লগতে কাঁইটীয়া তাৰৰ বেৰ মেৰামতি কৰাৰ বাবে যি ব্যৱস্থা লব লাগে সেয়া ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।
Byte:- ফণীভূষণ চৌধুৰীConclusion:মন্ত্ৰী গৰাকীয়ে সীমান্তৰ পথটো শীঘ্ৰেই মেৰামতিৰ আশ্বাস প্ৰদান কৰিছে যদিওঁ কিমান দিন লাগিব সেয়া পৰৱৰ্তী সময়তহে দেখা পোৱা যাব। যদিওঁ বিগত দিনটো এইদৰে বিভিন্ন অঞ্চলত গৰাখহনীয়াই তাণ্ডৱ চলাই শ শ মিটাৰ কাঁইটীয়া তাৰৰ বেৰ খহাই নিছে যদিওঁ চৰকাৰে এইদৰেই আশ্বাস প্ৰতিশ্ৰুতিৰে পালন কৰি গৈছে দায়িত্ব। এতিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াই হব লক্ষণীয় বিষয়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.