ETV Bharat / state

107তম জন্মবাৰ্ষিকীত সশ্ৰদ্ধ সোঁৱৰণ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহক

author img

By

Published : Jan 1, 2020, 6:09 PM IST

শৰৎ চন্দ্ৰ সিংহই 1946 চনত ৰাজনৈতিক ক্ষেত্ৰখনত পদাৰ্পন কৰিছিল ৷ তেখতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা পূৱ বিলাসীপাৰা সমষ্টিৰ বিধায়ক ৰূপে চাৰিবাৰকৈ নিৰ্বাচিত হৈছিল ৷ তেখতে 1972 চনৰ পৰা 1978 চনলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

Sarat Chandra Singha 107th birth anniversary celebration
শৰৎ চন্দ্ৰ সিংহক 107তম জন্মবাৰ্ষিকীত সশ্ৰদ্ধ সোঁৱৰণ

ধুবুৰী, 1 জানুৱাৰীঃ আজিৰ এই বিশেষ দিনটোতে অসমত জন্মলাভ কৰিছিল এগৰাকী সিংহপুৰুষে ৷ কিন্তু সৰহসংখ্যক অসমীয়াই আজি পাহৰি গৈছে এইগৰাকী জননেতাক ৷ 2001 চনত চৰকাৰে তেওঁৰ জন্মতিথিক "জনতাৰ দিন" হিচাপে ঘোষণা কৰিছিল ৷ এইগৰাকী মহান অসমীয়া আছিল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহ ৷ 1972চনৰ পৰা 1978লৈ তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল শৰৎ চন্দ্ৰ সিংহই ৷

1946 চনত চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা তেওঁ সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰিছিল ৷ 1946-52, 1962-67, 1972-78 আৰু 1985-90 চনত পূৱ বিলাসীপাৰা বিধানসভা সমষ্টিৰ পৰা মুঠ চাৰিবাৰকৈ তেওঁ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল ৷ অসমৰ জৰুৰীকালীন অৱস্থাৰ পিচতেই তেওঁ কংগ্ৰেছ (সমাজবাদী) দলত যোগদান কৰিছিল আৰু 1987 চনত দলটোৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত হৈছিল ৷ যেতিয়া শাৰদ পাৱাৰে কংগ্ৰেছ দল এৰি সমাজবাদী কংগ্ৰেছ দল গঠন কৰাৰ সময়তে সিংহই তেওঁক সংগ দি মৃত্যুৰ সময়লৈকে অসমত দলটোক নেতৃত্ব দি যায় ৷

লগতে পঢ়ক-ভাৰতীয় অৰ্থনীতিৰ বিষয়ে কি ক'লে প্ৰাক্তন মন্ত্ৰী পি চিদাম্বৰমে

মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত শৰৎ চন্দ্ৰ সিংহই বহুটো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল ৷ ইয়াৰ ভিতৰত অন্যতম আছিল অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা, 1972 চনৰ ভাষা আন্দোলন নিয়ন্ত্ৰণ কৰা ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু বঙাইগাওঁ তেল শোধনাগাৰ স্থাপনটো সিংহই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ ক্ষমতাৰ বিকেন্দ্ৰীকৰণত বিশ্বাসী সিংহই ৰাজ্যখনৰ সকলো জাতি-জনজাতিৰ বিকাশৰ বাবে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল ৷ ৰাজ্যৰ আৰ্থিক অৱস্থাৰ উন্নতিৰ বাবে ৰাজ্যত তেওঁ জন্ম দিছিল সমবায় খণ্ডৰ ৷ 1950 চনত ভাষাভিত্তিক ৰাজ্যবিভাজনৰ সময়ত গোৱালপাৰা জিলাক পশ্চিমবংগৰ লগত চামিল কৰাৰ কথাৰ প্ৰৱল বিৰোধিতা কৰিছিল সিংহই ৷

১৯১৪ চনৰ ১ জানুৱাৰী তাৰিখে ধুবুৰী জিলাৰ চাপৰত জন্মগ্ৰহণ কৰিছিল শৰৎ চন্দ্ৰ সিংহই ৷ তেওঁ গাঁৱৰ স্কুলতে প্ৰাথমিক শিক্ষা লাভ কৰাৰ লগতে ঘৰৰ পৰা 25 কিলোমিটাৰ চাইকেল চলাই গৈ বিলাসীপাৰাত হাইস্কুল শিক্ষা সাং কৰিছিল ৷ কটন কলেজৰ পৰা স্নাতক সিংহই বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী গ্ৰহণ কৰিছিল ৷ পৰৱৰ্তী সময়ত গুৱাহাটীত ওকালতি কৰাৰ লগতে ধুবুৰী জিলাৰ বিভিন্ন স্কুলত শিক্ষকতাও কৰিছিল ৷ 2005 চনৰ 25 ডিচেম্বৰত গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰিছিল এইগৰাকী মহান নেতাই ৷

শৰৎ চন্দ্ৰ সিংহৰ 107তম জন্মবাৰ্ষিকী

আজি তেওঁৰ 107তম জন্মবাৰ্ষিকী উপলক্ষে ধুবুৰীৰ চাপৰত জননেতাগৰাকীক সশ্ৰদ্ধ সোঁৱৰণ কৰা হয় ৷ বহলপুৰৰ ৰত্নপীঠ মহাবিদ্যালয়ত বুধবাৰে আনুষ্ঠানিকভাৱে পালন কৰা হয় জননেতাগৰাকী জন্মবাৰ্ষিকী "জনতাৰ দিন" ৷ উল্লেখ্য যে, অসম চৰকাৰে প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ স্মৃতিত এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণৰ কথা ঘোষণা কৰিছিল কপোত নীৰ উদ্যান আৰু পুখুৰী ৷ কিন্তু আশ্বৰ্যজনকভাৱে বিগত এটা বছৰে সম্পূৰ্ণ নহ’ল আঁচনিখনৰ কাম ৷ অসমৰ এইগৰাকী সুযোগ্য সন্তানৰ প্ৰতি চৰকাৰৰ অৱহেলাৰ দৃষ্টিয়ে হতাশ কৰিছে তেখেতৰ জন্মভূমি চাপৰৰ ৰাইজক ৷

Intro:ধুবুৰী জিলাৰ চাপৰতো জননেতা শৰৎ চন্দ্ৰ সিংহৰ ১০৭ তম জন্ম দিন পালনBody:বিলাসীপাৰা পূৱ,০১ জানুৱাৰী:

*সকলোৱে সুখী হৈ থাকিব বিচৰা এটা বিশেষ দিন । এই দিনটো উদযাপনৰ বাবে বিশ্বজুৰি চলোৱা হয় ব্যাপক আয়োজন । অসমতো ইয়াৰ ব্যতিক্ৰম নহয় ।*

*কিন্তু এই বিশেষ দিনটোত জন্ম গ্ৰহণ কৰিছিল এগৰাকী সিংহ পুৰুষ । সৎ,নিষ্ঠাবান, কৰ্তব্যপৰায়ন অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জননেতা শৰৎ চন্দ্ৰ সিংহৰ আজি ওপজা দিন ।*

*২০০১ চনৰ পৰা পহিলা জানুৱাৰীক ঘোষণা কৰা হৈছে জনতাৰ দিন হিচাপে । ৰাজ্যৰ দুই এঠাইত হয়তো পালন কৰা হৈছে জনতাৰ দিনটো । প্ৰয়াত নেতা গৰাকীৰ জন্মভূমি ধুবুৰী জিলাৰ চাপৰতো পালন কৰা হয় ১০৭ তম জনতাৰ দিন । জননেতা গৰাকীৰ মানসকন্যা বহলপুৰৰ ৰত্নপীঠ মহাবিদ্যালয়ত আনুষ্ঠানিক ভাৱে পালন কৰা হয় জনতাৰ দিন । কিন্তু অতি সেৰেঙা ৰাইজৰ উপস্থিতিত পালন কৰা হল এই জনতাৰ দিন ।*

*ইপিনে, অসম চৰকাৰে প্ৰয়াত মূখ্যমন্ত্ৰী গৰাকীৰ স্মৃতিত এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব দিছিল কপোত নীড়,উদ্যান,পুখুৰী । কিন্তু বিগত এটা বছৰে সম্পূৰ্ণ নহল আঁচনিটোৰ কাম ।*Conclusion:*কিন্তু সৰহসংখ্যক অসমীয়াই আজি পাহৰিছে এই বৰেণ্য ব্যক্তি গৰাকীক । অসমীয়া হিচাপে হয়তো ইয়াতকৈ দুৰ্ভাগ্য জনক ঘটনা আন হব নোৱাৰে ???*

Byte- 1.উদ্যোক্তা ।

2. ৰাইজ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.