ETV Bharat / state

চাপৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

author img

By

Published : Jun 14, 2021, 5:37 PM IST

চাপৰত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ বাইক আৰু মাৰুতি ৱেগ'নাৰ মাজত মুখামুখি সংৰ্ঘষ ৷ গুৰুতৰভাৱে আহত দুজন বাইক আৰোহী ৷ আহত ব্যক্তি দুজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ ৷

road-accident-at-chapor-roumari
চাপৰৰ ৰৌমাৰীস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

বিলাসীপাৰা পূৱ, ১৪জুন : পূৱ বিলাসীপাৰাৰ চাপৰৰ ৰৌমাৰীস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । বাইক আৰু মাৰুতি ৱেগ'নাৰ মাজত হোৱা মুখামুখি সংৰ্ঘষৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় । জানিব পৰা মতে, দুৰ্ঘটনাটোৰ ফলত দুজন বাইক আৰোহী গুৰুতৰভাৱে আহত হৈছে ৷ আহত বাইক আৰোহী দুজন ক্ৰমে ফজৰুল ইছলাম (ঘূনীমাৰী) আৰু নুৰুল আজাদ (খেলুৱাপাৰা) বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, ৱেগনাৰখন বিলাসীপাৰা অভিমুখে গৈ থকাৰ সময়তে বহলপুৰ অভিমুখী বাইকখনৰ সৈতে সংঘৰ্ষ হয় ৷ দুৰ্ঘটনাগ্ৰস্ত মাৰুতিখনৰ নম্বৰ AS-15 E 6879 আৰু বাইকখনৰ নম্বৰ AS 25 D 6538 ৷ আহত ব্যক্তি দুজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ৷ আহত দুয়োজনকে উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক :অসম বুকচ অফ ৰেকৰ্ডত উজলিল বাক্সাৰ যুৱকৰ নাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.