ধুবুৰী, 28 জুনঃ ধুবুৰী জিলাৰ গোলকগঞ্জৰ উত্তৰ ৰায়পুৰত এটা গৰুৰ পোৱালীয়ে পথাৰৰ খেতি নষ্ট কৰাক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হয় ৷ ইতিমধ্যে উক্ত ঘটনাটোত প্ৰাণ যায় এজন লোকৰ ৷
ধুবুৰী জিলাৰ গোলকগঞ্জৰ উত্তৰ ৰায়পুৰত এটা গৰুৰ পোৱালীয়ে পথাৰৰ খেতি নষ্ট কৰাক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হয় ৷ চোকা অস্ত্ৰৰে দুই পক্ষৰ মাৰপিটত পুৰুষ মহিলা সহ কেইবাজনো আহত হয় ৷ ইয়াৰে চাৰিজনৰ অৱস্থা সংকটজনক ৷
ঘটনা অনুসৰি, ছাবেৰ আলী নামৰ লোক জনৰ এটা গৰুৰ পোৱালীয়ে ৰহমান আলীৰ খেতি পথাৰত প্ৰৱেশ কৰি শস্যৰ কিছু ক্ষতি সাধন কৰে । ইয়াকে লৈ দুই পক্ষৰ মাজত সৃষ্টি হয় প্ৰচণ্ড মাৰপিট । প্ৰথমে তৰ্ক-বিতৰ্কৰ পিছত এটা সময়ত ৰহমান আলীৰ পক্ষই ছাবেৰ আলী ওৰফে দুনীয়া (55) নামৰ লোকজনৰ পক্ষক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে । ছাবেৰ আলীক বুকুত ছুৰিৰে আঘাত কৰাৰ উপৰিও তেওঁৰ সোঁ হাতখন কটা যায় । ফলত ছাবেৰ আলী নামৰ লোকজনৰ লগতে দুই পক্ষৰ কেইবাজনক ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ছাবেৰ আলীক সংকটজনক অৱস্থাত চিকিৎসকে গুৱাহাটীলৈ প্ৰেৰণ কৰে যদিও আদবাটতেই শেষ নিঃশ্বাস ত্যাগ কৰে ছাবেৰ আলীয়ে । ইপিনে দেওবাৰে ছাবেৰ আলীৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ ঘৰলৈ নিয়ে ৷
আনহাতে, উক্ত ঘটনাৰ লগত জড়িত দোষীক কৰায়ত্ব কৰাৰ লগতে উপযুক্ত শাস্তি বিহিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে নিহত ছাবেৰ আলীৰ পত্নীয়ে । লগতে আৰক্ষীয়ে নিৰপেক্ষ তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজে । অৱশ্যে হত্যাকাণ্ডৰ লগত জড়িত তিনিজনকৈ লোকক ইতিমধ্যে গোলকগঞ্জ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যদিও বাকী অভিযুক্ত সকল বৰ্তমানেও পলাতক বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক- পানীত পৰি সলিল সমাধি তিনি বছৰীয়া শিশুৰ