ETV Bharat / state

একেটা ভেটিতে জাতীয় পতাকাৰ সৈতে উৰিল বিজেপিৰ পতাকা - জাতীয় পতাকা

আন আন ঠাইৰ লগতে বিলাসীপাৰাৰ ৰাণীগঞ্জ ব্লক মণ্ডল বিজেপিৰ কাৰ্যালয়তো পালন কৰা হৈছিল দেশৰ 74 তম স্বাধীনতা দিৱস ৷ তদুপলক্ষে কাৰ্যালয়টোত উত্তোলন কৰা হয় দেশৰ জাতীয় পতাকা ৷ কিন্তু পতাকা উত্তোলনৰ সময়তেই দেখা দিয়ে এক বিসংগতিয়ে ৷ যাৰ বাবে এতিয়া চ’ছিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন হ’ব লগা হৈছে ৰাণীগঞ্জ ব্লক মণ্ডল বিজেপিৰ সদস্যসকল ৷

national flag controversy
national flag controversy
author img

By

Published : Aug 16, 2020, 3:24 AM IST

পশ্চিম বিলাসীপাৰা, 15 আগষ্ট : সমগ্ৰ দেশতে শনিবাৰে উদযাপন কৰা হয় ৭৪ তম স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱস উদযাপনৰ মাজতে দেখা গ’ল কেতবোৰ দৃষ্টিকটু তথা বিতৰ্কমূলক দৃশ্য ৷ কৰ’বাত যদি নিশালৈকে উৰি থাকিল জাতীয় পতাকা, আন কৰ’বাত আকৌ ৰঙৰ খেলিমেলি ৷ বিলাসীপাৰাতো সংঘটিত হ’ল ঠিক তেনে ধৰণৰে এটা ঘটনা ৷ যাক লৈ তোলপাৰ লাগিছে চ’ছিয়েল মিডিয়াত ৷

আন আন ঠাইৰ লগতে বিলাসীপাৰাৰ ৰাণীগঞ্জ ব্লক মণ্ডল বিজেপিৰ কাৰ্যালয়তো পালন কৰা হৈছিল দেশৰ 74 তম স্বাধীনতা দিৱস ৷ তদুপলক্ষে কাৰ্যালয়টোত উত্তোলন কৰা হয় দেশৰ জাতীয় পতাকা ৷ কিন্তু পতাকা উত্তোলনৰ সময়তেই দেখা দিয়ে এক বিসংগতিয়ে ৷ যাৰ বাবে এতিয়া চ’ছিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন হ’ব লগা হৈছে ৰাণীগঞ্জ ব্লক মণ্ডল বিজেপিৰ সদস্যসকল ৷

একেটা ভেটিতে জাতীয় পতাকাৰ সৈতে উৰিল বিজেপিৰ পতাকা

ঘটনা অনুসৰি, ব্লক মণ্ডল সমিতিৰ সভাপতি ভদ্ৰেশ্বৰ নাথে দলীয় সতীৰ্থ বৃন্দৰ উপস্থিতিত উত্তোলন কৰে দেশৰ জাতীয় পতাকাখন ৷ কিন্তু যিটো ভেটিত ত্ৰিৰংগা উত্তোলন কৰা হৈছিল সেই একেটা তেওঁলোকে উত্তোলন কৰে বিজেপিৰ দলীয় পতাকাখনো ৷ বিজেপি নেতা তথা সদস্যসকলৰ এই কাৰ্যক গৰিহণা জনাইছে বিভিন্নজনে ৷ বহুতেই এইয়া বিজেপিকৰণৰ অভিসন্ধি বুলিও ব্যক্ত কৰিছে ৷ মুঠতে একেটা ভেটিতে দেশৰ সন্মান স্বৰূপ জাতীয় পতাকা আৰু বিজেপিৰ দলীয় পতাকা উত্তোলন কৰা কাৰ্যক লৈ চ’ছিয়েল মিডিয়াত সৰব চৰ্চা আৰু সমালোচনা চলি তথা পৰিলক্ষিত হৈছে ৷ ইয়াৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে বহুতেই ৷

লগতে পঢ়ক : নিশা পৰ্যন্ত উৰি থাকিল জাতীয় পতাকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.