ETV Bharat / state

ধুবুৰীত অনুষ্টুপীয়াকৈ পালন গুৰু নানকৰ জন্ম জয়ন্তী

author img

By

Published : Nov 30, 2020, 4:03 PM IST

আজি গুৰুনানক গুৰু টেগ বাহাদুৰৰ ৫৫১ সংখ্যক জন্ম জয়ন্তী। কিন্তু আজি একপ্ৰকাৰে জনশূণ্য হৈ আছে ধুবুৰীৰ গুৰুদ্বাৰ। দেশ তথা ৰাজ্যত মহামাৰী ক‘ৰণাই অতি ভয়াৱহ ৰূপ ধাৰণ কৰাৰ বাবেই অনুষ্টুপীয়াকৈ পালন কৰা হৈছে শিখ ধৰ্মৰ গুৰু টেগ বাহাদুৰৰ ৫৫১ তম জন্ম জয়ন্তী।

guru-nanak-birth-day
ধুবুৰীত অনুষ্টুপীয়াকৈ পালন গুৰু নানকৰ জন্ম জয়ন্তী

ধুবুৰী, 30 নৱেম্বৰ : সোমবাৰে শিখ ধৰ্মৰ গুৰু টেগ বাহাদুৰৰ ৫৫১ সংখ্যক জন্ম জয়ন্তী। প্ৰতি বছৰে উলহ মালহেৰে ধুবুৰীত পালন কৰা হয় গুৰু নানকৰ জন্ম জয়ন্তী। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ ভক্তৰ সমাগম হৈছিল ধুবুৰীত। নগৰ কীৰ্তনৰ লগতে মেলা অনুষ্ঠিত হৈ আহিছিল প্ৰতি বছৰেই ।

কিন্তু এইবেলি সম্পূৰ্ণ ব্যতিক্ৰম। একপ্ৰকাৰ জনশূণ্য পৰিৱেশ ধুবুৰী গুৰুদ্বাৰৰ লগতে সমগ্ৰ ধুবুৰী চহৰ। মহামাৰী ক‘ৰণাই দেশ তথা ৰাজ্যখনত হাহাকাৰৰ সৃষ্টি কৰিছে। সম্প্ৰতি কিছু পৰিমাণে ক‘ৰণাৰ ভয়াৱহতা কমিছে যদিও অতি মাত্ৰাত জন সমাগমৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা জাৰি কৰিছে চৰকাৰে। যাৰ ফলত এইবেলি অনুষ্টুপীয়াকৈ পালন কৰা হৈছে গুৰু নাননকৰ জন্ম জয়ন্তী।

উল্লেখ্য যে, যোৱা ২৮ নৱেম্বৰৰ পৰা জন্ম জয়ন্তীৰ কাৰ্যসূচী আৰম্ভ হৈছে যদিও ভক্ত তথা ৰাইজৰ সমাগম হোৱা পৰিলক্ষিত হোৱা নাই।

লগতে পঢ়ক: হাৰ্টথ্ৰৱ জুবিন গাৰ্গে মুকলি কৰিলে নিজৰ নামৰ পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.