ETV Bharat / state

গোলকগঞ্জত অবৈধ নিচাযুক্ত ঔষধসহ ব্যৱসায়ী আটক - গৌৰাংগনগৰ

গোলকগঞ্জৰ গৌৰাংগনগৰত ফাৰ্মাচীত ড্ৰাগছৰ ৰমৰমীয়া বেহা। জীৱনদায়িনী ঔষধ বিক্ৰীৰ নামত ড্ৰাগছৰ ক'লা ব্যৱসায়। আৰক্ষীৰ জালত ব্যৱসায়ী নুৰ মহম্মদ। আৰক্ষীৰ অভিযানত নিচাযুক্ত দ্ৰব্যৰ লগতে এটা এয়াৰ গান জব্দ।

গোলকগঞ্জত অবৈধ নিচাযুক্ত ঔষধসহ ব্যৱসায়ী আটক

author img

By

Published : Oct 15, 2020, 12:46 PM IST

গোলকগঞ্জ, ১৫ অক্টোবৰ: ধুবুৰীৰ গোলকগঞ্জ আৰক্ষীৰ জালত অবৈধ ড্ৰাগছ ব্যৱসায়ী। ধৃত ব্যৱসায়ীটো নুৰ মহম্মদ। গোলকগঞ্জৰ গৌৰাংগনগৰত এখন ফাৰ্মাচীত নিচাযুক্ত দ্ৰব্যৰ ৰমৰমীয়া বেহা আৰম্ভ কৰিছিল ব্যৱসায়ীটোৱে। নিজ বাসগৃহতে ফাৰ্মাচী এখন খুলিছিল নুৰ মহম্মদে।

গোলকগঞ্জত অবৈধ নিচাযুক্ত ঔষধসহ ব্যৱসায়ী আটক
গোলকগঞ্জত অবৈধ নিচাযুক্ত ঔষধসহ ব্যৱসায়ী আটক

আৰক্ষীৰ অভিযানত জব্দ হয় এটা এয়াৰ গান আৰু বহু পৰিমাণৰ নিচাযুক্ত টেবলেট, পনীয়া ঔষধ। নিজ বাসগৃহতে অবৈধভাৱে নিচাযুক্ত ঔষধখিনি মজুত কৰি ৰাখিছিল। বুধবাৰে নিশা গোলকগঞ্জ আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা খবৰ লাভ কৰাৰ পিছতে অভিযান চলাই ব্যৱসায়ীটোক আটক কৰে।

আনহাতে, নুৰ মহম্মদৰ এজন সংগী পলায়ন কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:শক্তিপীঠ কামাখ্যা ধামত সম্পূৰ্ণ ক’ভিড প্ৰট’কলৰ ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.