ধুবুৰী,2ছেপ্টেম্বৰঃ আজি গণেশ চতুৰ্থী। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে গণেশ চৰ্তুথী উপলক্ষে ধুবৰীতো সৃষ্টি হৈছে উখল মাখল পৰিৱেশৰ। উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে চলিছে গণেশ চতুৰ্থীৰ পূজা অৰ্চনা।
এয়া হৈছে ধুবুৰীৰ হৰিসভা প্ৰাংগনৰ দৃশ্য। প্ৰথমতে এই অঞ্চলটোৰ ঘৰে ঘৰে গণেশ পূজা কৰা হৈছিল যদিও বিগত প্ৰায় চাৰি বছৰৰ পৰা হৰিসভা প্ৰাংগনত ৰাজহুৱা ভাৱে এই পূজা অনুষ্ঠিত হৈ আহিছে। ৰাতিপুৱাৰ পৰাই ধৰ্মীয় নীতি নিয়ম অনুসৰি চলিছে গণেশৰ পূজা-অৰ্চনা ৷