ধুবুৰী,15 মাৰ্চঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বৃহত্তৰ দক্ষিণ শালমাৰাবাসীৰ বাবে আহিল সু-খবৰ । কাৰণ দেওবাৰে টুমনি অঞ্চলৰ ৰাজাবালা ভালুককান্দিত আধাৰশিলা স্থাপন কৰা হয় এখন ডিগ্ৰী মডেল কলেজৰ । এ আই ইউ ডি এফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমল আৰু কংগ্ৰেছৰ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ উপস্থিতিত মুখ্য অতিথি হিচাপে জিলা উপায়ুক্ত আতিকা চুলতানাই আধাৰশিলা স্থাপন কৰে । উল্লেখ্য যে,২০১১ চনত ৰাজ্যৰ বিভিন্ন স্থানত মুঠ 12খন ডিগ্ৰী মডেল কলেজ স্থাপন কৰাৰ বাবে চৰকাৰে এক অভিলাষী আঁচনি হাতত লৈছিল । সেইমতে দক্ষিণ শালমাৰৰ উক্ত স্থানত প্ৰথম পৰ্য্যায়ত ৯ কোটিটকীয়া এক আঁচনিৰ আধাৰশিলা স্থাপন কৰি নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰা হয় । কলেজখনৰ বাবে অঞ্চলটোৰ মুঠ ৪৬ টা পৰিয়ালে মাটি দান কৰে ।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সাংসদ আজমলে ভাষণত মাটি দান কৰা সকলক ধন্যবাদ জ্ঞাপন কৰাৰ বিপৰীতে অসম চৰকাৰক সমালোচনা কৰে । আজমলে কয়,"কৰ’ণা ভাইৰাছ এতিয়াহে আহিছে । কিন্তু আমি প্ৰায় 5বছৰ পূৰ্বে কৰণা ভাইৰাছ পাইছো"৷ অনুষ্ঠানটোত উপস্থিত থকা কংগ্ৰেছ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে নিজৰ ভাষণত ঠিকাদাৰক উদ্দেশ্যি মাটি দান কৰা সকলক কামত সুযোগ প্ৰদানৰ দাবী উত্থাপন কৰে ।
কিন্তু লক্ষণীয় বিষয়,বাঘে-ছাগে একেটা অনুষ্ঠানত দেখা গ’ল দক্ষিণ শালমাৰাত । ২০০৫চনত এ আই ইউ ডি এফ দল গঠন হোৱাৰ পিছৰ পৰা কংগ্ৰেছ আৰু এ আই ইউ ডি এফ ৰাজনৈতিক শত্ৰু হোৱাৰ বাবে ৱাজেদ আৰু আজমলৰ মাজত ৰাজনৈতিক সংঘাত ক্ৰমাৎ বৃদ্ধি পাইছিল । ইজনে-সিজনক কেৱল পৃথক মঞ্চৰ পৰা সমালোচনা কৰাৰ লগতে কোনেও কাৰো মুখামুখি হোৱা দেখা পোৱা নগৈছিল । কিছুদিন পূৰ্বে দুয়োটা দলৰ মিত্ৰতা ঘোষণা হোৱাৰ পিছত দেওবাৰে প্ৰথমবাৰৰ বাবে একেখন মঞ্চত দেখা যায় ৰাজনৈতিক নেতা দুগৰাকীক ৷ সভাখনত উপস্থিত ৰাইজক উদ্দেশ্যি মিত্ৰতাৰ প্ৰসংগ উপস্থাপন নকৰিলেও ৰাইজৰ আশীৰ্বাদ বিচাৰিলে সাংসদ আজমলে ।