ETV Bharat / state

ধুবুৰীত ড্ৰাগছ সহ এজন সৰবৰাহকাৰীক আটক আৰক্ষীৰ

author img

By

Published : Dec 8, 2019, 11:20 PM IST

বিলাসী গাড়ীৰে অব্যাহত ৰাখিছে ড্ৰাগছৰ বেহা ৷ তেনে এক ঘটনা পোহৰলৈ আহিছে ধুবুৰীত ৷ ইতিমধ্যে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

ETV BHARAT
ধুবুৰীত ড্ৰাগছ সহ এজন সৰবৰাহকাৰীক আটক আৰক্ষীৰ

ধুবুৰী, 8 ডিচেম্বৰঃ ধুবুৰীত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত ড্ৰাগছ সহ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।

ধুবুৰীত ড্ৰাগছ সহ এজন সৰবৰাহকাৰীক আটক আৰক্ষীৰ
ৰাজ্যত এতিয়াও আব্যাহত আছে ড্ৰাগছ সৰবৰাহ ৷ আৰক্ষীয়েও অব্যাহত ৰাখিছে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান ৷ এক গোপন তথ্যৰ ভিত্তিত ধুবুৰী জিলা উপ আৰক্ষী অধীক্ষক তৃণয়ণ ভূঞাৰ নেতৃত্বত আৰক্ষীৰ দল এটাই ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় ৷ উক্ত অভিযানত আৰক্ষীয়ে AS-16B-3273 নম্বৰৰ এখন বিলাসী গাড়ীৰ পৰা বৃহৎ পৰিমাণৰ YABBA ড্ৰাগছ জাতীয় টেবলেট জব্দ কৰে । আৰক্ষীয়ে পশ্চিম বংগৰ বক্সিৰহাটৰ পৰা ধুবুৰী চহৰত প্ৰৱেশ কৰাৰ সময়তেই বাহন খন জব্দ কৰাৰ লগতে চালক ছাইদুল ইছলাম নামৰ লোক জনক আটক কৰে ৷ ধৃত ছাইদুলৰ পৰা মুঠ চৈধ্য শ টা ড্ৰাগছ জাতীয় টেবলেট জব্দ কৰে আৰক্ষীয়ে ৷ ধৃত ছাইদুল ইছলামৰ ঘৰ কোকৰাঝাৰৰ ফকিৰাগ্ৰামত বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে ছাইদুলক আৰক্ষীয়ে আটক কৰি অধিত তথ্যৰ বাব জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক - ডাঃ কমলা কলিতাৰ গেটত ওলমিল বেনামী পোষ্টাৰ

Intro:ধুবুৰীত আৰক্ষীৰ অভিযান। অভিযানত মাৰাত্মক ড্ৰাগছ সহ এজনক গ্ৰেপ্তাৰ। ম্যানমাৰৰ পৰা পশ্চিম বংগ হৈ অসমলৈ ৰপ্তানি কৰা হৈছে "YABBA" নামৰ এবিধ মাৰাত্মক ড্ৰাগছ।

Body:অসমলৈ ভয়াৱহ ভাবে ৰপ্তানি কৰা হৈছে ম্যানমাৰৰ YABBA নামৰ এবিধ মাৰাত্মক ড্ৰাগছ। ম্যানমাৰৰ পৰা বাংলাদেশ আৰু পশ্চিম বংগ হৈ অসমৰ পশ্চিম প্ৰান্তৰ ধুবুৰীলৈ ৰপ্তানি কৰা হৈছ মাৰাত্মক YABBA ড্ৰাগছ। এক গোপন তথ্যৰ ভিত্তিত ধুবুৰী জিলা উপ আৰক্ষী অধীক্ষক তৃণয়ণ ভূঞাৰ নেতৃত্বত ধুবুৰী আৰক্ষীৰ দল এটাই অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হল বৃহৎ পৰিমাণৰ YABBA ড্ৰাগছ জাতীয় টেবলেট। আৰক্ষীয়ে সন্দেহজনক ভাবে প্ৰথমতে পশ্চিম বংগৰ বক্সিৰহাটৰ পৰা ধুবুৰী চহৰত প্ৰৱেশ কৰি থকা সময়ত AS-16B-3273 নম্বৰৰ বিলাসী বাহন খনত অভিযান চলায়। পিছত গাড়ী চালক হিচাপে থকা কোকৰাঝাৰৰ ফকিৰাগ্ৰামৰ ছাইদুল ইছলামৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এই সমূহ মাৰাত্মক ড্ৰাগছ জাতীয় টেবলেট। মুঠ চৈধ্য শ টেবলেট জব্দ কৰাৰ বিপৰীতে যুৱকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। লগতে বাহন খনো বৰ্তমান ধুবুৰী আৰক্ষীৰ জিম্মাত। যুৱকজনে উল্লেখ কৰা মতে বিগত তিনি চাৰি মাহৰ পৰা ম্যানমাৰৰ পৰা পশ্চিম বংগ হৈ আহি আছে এই মাৰাত্মক ড্ৰাগছ।

Byte:- ড্ৰাগছ সৰবৰাহকাৰী যুৱক।
Byte:- আৰক্ষী বিষয়া, ধুবুৰী সদৰ আৰক্ষী থানা।

Conclusion:সম্প্ৰতি অধিক তথ্যৰ বাবে ধুবুৰী আৰক্ষীয়ে যুৱকজনক জেৰা অব্যাহত ৰাখিছে। সেয়ে পৰৱৰ্তী সময়ত আৰু কি তথ্য পোহৰলৈ আহে সেয়া সময়তহে স্পষ্ট হব। যদিওঁ আৰক্ষীয়ে চোকা দৃষ্টি নাৰাখিলে এই মাৰাত্মক ড্ৰাগছে ধুবুৰীকে ধৰি অসমৰ নৱ প্ৰজন্মক যে ধ্বংসৰ গৰাহলৈ ঠেলি দিব সেয়া নিঃশ্চিত।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.