ETV Bharat / state

আজিৰ পৰা বিশ্ব ডাক দিৱসৰ সপ্তাহযোৰা কাৰ্যসূচী আৰম্ভ - ধুবুৰীস্থিত গোৱালপাৰা ডাক সংমণ্ডলৰ অধীক্ষকৰ কাৰ্য্যালয়

বুধবাৰে ধুবুৰীস্থিত গোৱালপাৰা ডাক সংমণ্ডলৰ অধীক্ষকৰ কাৰ্যালয়ত ডাক অধীক্ষক দেৱৰাজ ছেথিয়ে ডাক পৰিদৰ্শক পঞ্চানন ৰায় আৰু সহকাৰী ডাক পৰিদৰ্শক গিৰিকান্ত দাসক লগত লৈ এখন সংবাদমেলাৰ সম্বোধন কৰে ৷ উক্ত সংবাদমেলত আজিৰ পৰা আৰম্ভ হোৱা বিশ্ব ডাক দিৱসৰ সপ্তাহযোৰা কাৰ্য্যসূচী অহা ১৫ অক্টোবৰ লৈকে অব্যাহত থাকিব বুলি উল্লেখ কৰে ডাক অধীক্ষকগৰাকীয়ে ৷

ধুবুৰীৰ গোৱালপাৰাত ডাক সংমণ্ডল অধীক্ষকৰ সংবাদমেল
author img

By

Published : Oct 9, 2019, 11:40 PM IST

ধুবুৰী, 9 অক্টোবৰঃ পূৰ্বৰ জনপ্ৰিয়তা ঘূৰি আহিছে ডাক ব্যৱস্থাত ৷ ডাকঘৰত এতিয়া কেৱল চিঠি পত্ৰ আদান প্ৰদানেই নহয়, ডাকঘৰ এতিয়া ৰূপান্তৰ হৈছে বেংকলৈও ৷ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক নামৰ বেংক এটাও আছে ডাক ব্যৱস্থাত ৷ বিগত বৰ্ষত শুভাৰম্ভ হোৱা ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকিঙৰ প্ৰতি ক্ৰমাৎ আগ্ৰহী হৈছে সাধাৰণ জনতা ৷ ভাৰত চৰকাৰৰ নিতৌ ন ন আঁচনিৰ অধীনত গ্ৰাহক তথা হিতাধিকাৰীৰ চেভিংছ একাউণ্ট খোলাৰ বিপৰীতে জীৱন বীমাও আৰম্ভ কৰা হৈছে ডাক ব্যৱস্থাপনাত ৷

ধুবুৰীৰ গোৱালপাৰাত ডাক সংমণ্ডল অধীক্ষকৰ সংবাদমেল

বুধবাৰে ধুবুৰীস্থিত গোৱালপাৰা ডাক সংমণ্ডলৰ অধীক্ষকৰ কাৰ্যালয়ত ডাক অধীক্ষক দেৱৰাজ ছেথিয়ে ডাক পৰিদৰ্শক পঞ্চানন ৰায় আৰু সহকাৰী ডাক পৰিদৰ্শক গিৰিকান্ত দাসক লগত লৈ এখন সংবাদমেলৰ সম্বোধন কৰে ৷ উক্ত সংবাদমেলত আজিৰ পৰা আৰম্ভ হোৱা বিশ্ব ডাক দিৱসৰ সপ্তাহযোৰা কাৰ্যসূচী অহা ১৫ অক্টোবৰ লৈকে চলিব বুলি উল্লেখ কৰে ডাক অধীক্ষকগৰাকীয়ে ৷ তেখেতে লগতে এই ডাক সপ্তাহৰ ভিতৰত গোৱালপাৰা ডাক সংমণ্ডল এলেকাৰ প্ৰতিটো প্ৰান্ততে প্ৰচাৰ চলাই পোষ্ট অফিচৰ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক নামৰ বেংকিংৰ লগতে সুবিধা সমূহ আৰু আঁচনি সমূহৰ বিষয়ে প্ৰচাৰ চলোৱা হ'ব বুলি উল্লেখ কৰে ৷ বিশেষকৈ "বেটি বাঁচাও বেটি পঢ়াওঁ" শ্লোগানৰ প্ৰতি গুৰুত্ব দি কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি সুকণ্যা সমৃদ্ধি আৰু জীৱন জ্যোতি নামৰ আঁচনিৰ লগতে বছৰি মাত্ৰ ১২ টকাৰে প্ৰধানমন্ত্ৰী জীৱন বীমা সুৰক্ষা আঁচনি, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা আঁচনিৰ উপৰি অটল পেঞ্চন যোজনাকে ধৰি বিভিন্ন আঁচনি সম্পৰ্কে ৰাইজৰ মাজত প্ৰচাৰ চলাই এই ডাক সপ্তাহৰ ভিতৰত চল্লিশ হাজাৰ লোকক একাউণ্ট খোলাৰ টাৰ্গেট লৈছে ডাক বিভাগে ৷

উল্লেখযোগ্য যে, গোৱালপাৰা ডিভিজনৰ পাঁচখনকৈ জিলাৰ বিভিন্ন প্ৰান্তত থকা ডাকঘৰ, উপ ডাকঘৰ আৰু শাখা ডাকঘৰৰ কৰ্মকৰ্তা সকলক সম্পূৰ্ণ সজাগ কৰি ৰখা হৈছে আৰু এক সপ্তাহৰ ভিতৰত চল্লিশ হাজাৰ টাৰ্গেট লোৱাৰ বিপৰীতে প্ৰতিজন আধাৰ কাৰ্ড হোল্ডাৰক ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত একাউণ্ট খোলাৰ সংকল্প লৈছে গোৱালপাৰা ডাক সংমণ্ডল বিভাগে ৷

Intro:ধুবুৰীত গোৱালপাৰা ডাক সংমণ্ডল অধীক্ষকৰ সংবাদমেল। আজিৰ পৰা আৰম্ভ হৈছে ডাক সপ্তাহ কাৰ্য্যসূচী। ডাক সপ্তাহৰ ভিতৰত চল্লিশ হাজাৰ আই পি পি একাউণ্ট খোলাৰ লক্ষ্য গোৱালপাৰা ডাক সংমণ্ডল বিভাগৰ।

Body: পূৰ্বৰ জনপ্ৰিয়তা ঘূৰি আহিছে ডাক ব্যৱস্থাপনাত। পূৰ্বৰ ডাকঘৰ কেৱল চিঠি পত্ৰ আদান প্ৰদানেই নহয়। ডাকঘৰ এতিয়া এটা বেংকলৈ ৰূপান্তৰ হৈছে। ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক নামৰ বেংক এখন আছে ডাক ব্যৱস্থাপনাত। যোৱা বৰ্ষত শুভাৰম্ভ হোৱা ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকিংৰ প্ৰতি ক্ৰমাৎ আগ্ৰহী হৈছে সাধাৰণ জনতা। ইপিনে ভাৰত চৰকাৰৰ নিতৌ ন ন আঁচনিৰ অধীনত গ্ৰাহক তথা হিতাধিকাৰীৰ চেভিংছ একাউণ্ট খোলাৰ বিপৰীতে জীৱন বীমাও আৰম্ভ কৰা হৈছে ডাক ব্যৱস্থাপনাত। আজি ধুবুৰীস্থিত গোৱালপাৰা ডাক সংমণ্ডলৰ অধীক্ষকৰ কাৰ্য্যালয়ত ডাক অধীক্ষক দেৱৰাজ ছেথিয়ে ডাক পৰিদৰ্শক পঞ্চানন ৰায় আৰু সহকাৰী ডাক পৰিদৰ্শক গিৰিকান্ত দাসক লগত লৈ এখন সংবাদমেলাৰ আয়োজন কৰে। উক্ত সংবাদমেলত আজিৰ পৰা আৰম্ভ হোৱা বিশ্ব ডাক দিৱসৰ সপ্তাহযোৰা কাৰ্য্যসূচী আৰম্ভ হব আৰু অহা ১৫ অক্টোবৰ লৈকে চলিব বুলি উল্লেখ কৰে। লগতে এই ডাক সপ্তাহৰ ভিতৰত গোৱালপাৰা ডাক সংমণ্ডল এলেকাৰ প্ৰতিটো গাঁওৱে ভূৱে প্ৰচাৰ চলাই পোষ্ট অফিচৰ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক নামৰ বেংকিংৰ লগতে সুবিধা সমূহ আৰু আঁচনি সমূহৰ বিষয়ে প্ৰচাৰ চলোৱা হব বুলি উল্লেখ কৰে ডাক সংমণ্ডলৰ অধীক্ষক গৰাকীয়ে। ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক অৰ্থাৎ আই পি পি বি একাউন্টৰ উপৰি চেভিংছ একাউণ্ট আৰু জীৱন বীমা সম্পৰ্কীয় বিভিন্ন দিশত প্ৰচাৰ চলোৱা হব। বিশেষকৈ "বেটি বাঁচাও বেটি পঢ়াওঁ" শ্লোগানৰ প্ৰতি গুৰুত্ব দি কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি সুকণ্যা সমৃদ্ধি আৰু জীৱন জ্যোতি নামৰ আঁচনিৰ লগতে বছৰি মাত্ৰ ১২ টকাৰে প্ৰধানমন্ত্ৰী জীৱন বীমা সুৰক্ষা আঁচনি, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা আঁচনিৰ উপৰি অটল পেঞ্চন যোজনাকে ধৰি বিভিন্ন আঁচনি সম্পৰ্কে ৰাইজৰ মাজত প্ৰচাৰ চলাই এই ডাক সপ্তাহৰ ভিতৰত চল্লিশ হাজাৰ লোকক একাউণ্ট খোলাৰ টাৰ্গেট লৈছে ডাক বিভাগে।

Byte:- দেৱৰাজ ছেথি, ডাক অধীক্ষক, গোৱালপাৰা ডাক সংমণ্ডল

উল্লেখযোগ্য যে, গোৱালপাৰা ডিভিজনৰ পাঁচখনকৈ জিলাৰ বিভিন্ন প্ৰান্তত থকা ডাকঘৰ, উপ ডাকঘৰ আৰু শাখা ডাকঘৰৰ কৰ্মকৰ্তা সকলক সম্পূৰ্ণ এলাৰ্ড কৰি ৰখা হৈছে আৰু এক সপ্তাহৰ ভিতৰত চল্লিশ হাজাৰ টাৰ্গেট লোৱাৰ বিপৰীতে প্ৰতিজন আধাৰ কাৰ্ড হোল্ডাৰক ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত একাউণ্ট খোলাৰ সংকল্প লৈছে গোৱালপাৰা ডাক সংমণ্ডল বিভাগে।

Conclusion:অবশ্যে গোৱালপাৰা ডাক সংমণ্ডল বিভাগে এই ক্ষেত্ৰত কিমানদূৰ সফল হয় সেয়া সময়তহে দেখা পোৱা যাব।।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.