ধুবুৰী, 23 অক্টোবৰ : অনুসুচীত জাতিৰ হৈয়ো চৰকাৰী উন্নয়নমূলক আচঁনিয়ে ঢুকি নোপোৱা এটা দৰিদ্ৰ পৰিয়াল। যি পৰিয়ালে আজিলৈকে নাপালে কোনো চৰকাৰী অনুদান। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফেকামাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত মলাখোৱা গাওঁ পঞ্চায়তৰ নমঃ দাসপাৰা গাওঁৰ বাসিন্দা কৃষ্ণৰাম দাসৰ দৰিদ্ৰ পৰিয়ালটোৱে কোনো চৰকাৰী আঁচনিৰ সুবিধা আজিকোপতি লাভ নকৰিলে ৷
চৰকাৰে কোটি কোটি টকা ব্যায়ৰে দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰা পৰিয়াল সমূহক আৱাস গৃহ নিৰ্মাণ কৰি দি আছে যদিও কৃষ্ণৰাম দাসৰ পৰিয়ালটোৱে আজিলৈকে নাপালে এটা চৰকাৰী আৱাস গৃহ নতুবা এটা চৰকাৰী শৌচালয় ৷ সম্প্ৰতি যথেষ্ট কষ্টৰ মাজেৰে জীৱন অতিবাহিত কৰা পৰিয়ালটোৱে এতিয়া চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিৰ পৰা সহায়ৰ আহ্বান জনাইছে ৷
লগতে পঢ়ক: গোলাঘাটৰ এখন এলট' গাড়ীক লৈ কৌতূহল