ETV Bharat / state

ট্ৰেক্টৰ চালকৰ আক্ৰমণত আহত দুই আৰক্ষী

আৰক্ষীদ্বয়ে পলাতক ট্ৰেক্টৰখনৰ পিচ লোৱাত ট্ৰেক্টৰখনে আৰক্ষীৰ বাইকত খুন্দা মাৰে ফলত যতীন্দ্ৰ ৰাভা নামৰ আৰক্ষী জন বাগৰি পৰে ৷ লগে লগে ট্ৰেক্টৰ চালক আৰু ছাদ্দাম নামৰ যুৱকজনে ট্ৰেক্টৰ ৰখাই দুই আৰক্ষী আহোম আলী আৰু যতীন্দ্ৰ ৰাভাকে লাঠিৰে কোবাই আহত কৰে ৷

author img

By

Published : May 4, 2020, 12:38 PM IST

লক্​ ডাউন ভংগকাৰী ট্ৰেক্টৰ চালকৰ ৰোষত দুই আৰক্ষী

ধুবুৰী, 4 মে : লক্​ ডাউন ভংগকাৰী ট্ৰেক্টৰ চালক আৰু মালিকৰ আক্ৰমণৰ বলি হ'ল গৌৰীপুৰৰ আটানী উপ আৰক্ষী চকীৰ হাবিলদাৰ যতীন্দ্ৰ ৰাভা আৰু নায়ক আহোম আলী ৷ ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ ভাষ্য অনুসৰি, ধুবুৰীৰ আটানী উপ আৰক্ষী চকীৰ অন্তৰ্গত পিয়াজবাৰী বজাৰৰ সমীপত বিগত কেবাদিনে লক্​ ডাউন অমান্য কৰি পিয়াজবাৰীৰ ইছাম আলীৰ পূত্ৰ ছাদ্দাম আলীয়ে ট্ৰেক্টৰেৰে মাক্ৰিঝোৰা পাহাৰত চোৰাংকৈ খৰি কাটি সৰবৰাহ কৰি আহিছিল ৷

এই খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই ট্ৰেক্টৰখন ৰখোৱাৰ চেষ্টা কৰে যদিও আৰক্ষীৰ নিৰ্দেশ নামানি তীব্ৰবেগে উক্ত স্থান পৰিত্যাগ কৰে ট্ৰেক্টৰ চালকে ৷ আৰক্ষীদ্বয়ে পলাতক ট্ৰেক্টৰখনৰ পিচ লোৱাত ট্ৰেক্টৰখনে আৰক্ষীৰ বাইকত খুন্দা মাৰে ফলত যতীন্দ্ৰ ৰাভা নামৰ আৰক্ষী জন বাগৰি পৰে ৷ লগে লগে ট্ৰেক্টৰ চালক আৰু ছাদ্দাম নামৰ যুৱকজনে ট্ৰেক্টৰ ৰখাই আহোম আলী আৰু যতীন্দ্ৰ ৰাভা নামৰ দুই আৰক্ষীক লাঠিৰে কোবাই আহত কৰে ৷

আনহাতে, গৌৰীপুৰ আৰক্ষীয়ে এই খবৰ পাই আহত আৰক্ষীদ্বয়ক উদ্ধাৰ কৰি প্ৰথমে বগৰীবাৰী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসা প্ৰদান কৰে । কৰ'ণা মহামাৰীৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ থকাৰ সময়তে ধুবুৰীৰ গৌৰীপুৰত সংঘটিত হোৱা এই ঘটনাই তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ জিলাখনত। অৱশ্যে এই মুহূৰ্তলৈকে আক্ৰমণকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.