ধুবুৰী, 10 জুনঃ ধুবুৰীত অটো ছিণ্ডিকেট ৷ ধুবুৰীত অনুজ্ঞা পত্ৰবিহীন অটোৰ পৰা লাখ লাখ টকা সংগ্ৰহ ছিণ্ডিকেট চক্ৰৰ ৷ উল্লেখ্য যে, ধুবুৰীত চলাচল কৰে ক’লা ৰঙৰ আৰু হালধীয়া ৰঙৰ অটো ৷ ইয়াৰে চহৰখনত হালধীয়া ৰঙৰ অটোসমূহে লাভ কৰিছে ধুবুৰী চহৰৰ পাৰ্মিট ৷ কিন্তু ক’লা ৰঙৰ অটো সমূহে বৰ্তমান পৰ্যন্ত লাভ কৰা নাই ধুবুৰী চহৰৰ পাৰ্মিট । কিন্তু পাৰ্মিট নোহোৱাকৈ ধুবুৰী চহৰত দীৰ্ঘদিনে চলাচল কৰিছে প্ৰায় শতাধিক ক’লা ৰঙৰ অটো । ধুবুৰী পৰিবহণ বিভাগ আৰু যান বাহন আৰক্ষীৰ মাজত গঢ়ি উঠা বৃহৎ ছিণ্ডিকেট চক্ৰই ক’লা ৰঙৰ অটোৰ সৈতে গোপন বুজাবুজি কৰি অবৈধ ভাৱে চলাচল কৰাৰ সুযোগ দিছে ধুবুৰী চহৰত । ছিণ্ডিকেট চক্ৰই ধুবুৰীত প্ৰৱেশ কৰা প্ৰতিখন ক’লা ৰঙৰ অটোৰ পৰা মাহেকত 1200 টকাকৈ সংগ্ৰহ কৰি আহিছে বুলি অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ । মুঠৰ ওপৰত ধুবুৰীত চলাচল কৰা শতাধিক ক’লা ৰঙৰ অটোৰ পৰা মাহেকত সংগ্ৰহ কৰি আহিছে প্ৰায় এক লাখ বত্ৰিছ হাজাৰৰ পৰা ডেৰ লাখ টকালৈকে ।
উল্লেখযোগ্য যে, কেৱল ক’লা ৰঙৰ অটোৱে নহয় ধুবুৰী চহৰ খনত এনে বহু অটো কোনো নথি পত্ৰ নোহোৱাকৈ চলাচল কৰিছে ।