ধুবুৰী, 15 মাৰ্চঃ বিটিচিত বলিছে নিৰ্বাচনকেন্দ্ৰিক গৰম বতাহ ৷ ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত তোলাৰ সময়ত দেওবাৰে পৰ্বতঝোৰাৰ টিপকাই বিপিএফৰ প্ৰাথমিক কাৰ্যালয়ত অনুষ্ঠিত হয় এখন কৰ্মী যোগদান সভা ৷ বিএছইউ-ৰ সভাপতি ব্ৰিখেদাউ ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিপিএফৰ প্ৰক্ষেপিত নিৰ্বাচনৰ প্ৰাৰ্থী মুনমুন ব্ৰহ্ম উপস্থিত থাকি বিৰোধী দলসমুহক ক্ষুৰধাৰ সমালোচনা কৰে ৷
ভাষণ প্ৰসংগত মুনমুন ব্ৰহ্মই কয়, বিগত ১৫বছৰে ১নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিটো বিপিএফৰ দখলত নথকা বাবেহে উন্নয়ন স্থবিৰ হৈ আছে ৷ বিশেষভাৱে পৰ্বতঝোৰা সমষ্টিৰ উন্নয়নৰ প্ৰসংগ উপস্থাপন কৰি এ বি এবছু-ক জগৰীয়া কৰে মুনমুনে ৷ অইন দলৰ এমচিএলএ-ৰ দখলত থকা কাৰণে লুণ্ঠনৰাজ চলিছে ৷ সেয়ে এইবেলি ১নং পৰ্বতঝোৰা সমষ্টিটো নিশ্চিতভাৱে বিপিএফৰ দখলত আহিব ৷ নিৰ্বাচনত জয়ী হ’লে মহিলা সবলীকৰণৰ বাবে ৪০% আঁচনি বিপিএফে গ্ৰহণ কৰিব বুলি সভাখনত প্ৰতিশ্ৰুতি প্ৰদান কৰে প্ৰাৰ্থীগৰাকীয়ে ৷ ইপিনে উক্ত সভাত কংগ্ৰেছ, এআইইউডিএফ, গণ সুৰক্ষা মঞ্চ আদি দলৰ পৰা প্ৰায় ৮০জন লোকে বিপিএফত যোগদান কৰে ৷ সদস্যসকলক প্ৰাৰ্থী মুনমুনে এখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই দলটোলৈ স্বাগতম জনায় ৷
এইবেলি ১নং পৰ্বতঝোৰাত বিপিএফৰ সৈতে প্ৰতিদ্বন্দিতা কৰা কোনো প্ৰাৰ্থী দেখা পোৱা নাই বুলি মুন মুন ব্ৰহ্মই সদৰি কৰে ৷ সেয়ে এইবাৰ ১নং পৰ্বতঝোৰাত নিৰ্বাচনী বতাহ কোনফালে গতি কৰে সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয় ৷ সোমবাৰে মুনমুন ব্ৰহ্মই মনোনয়ন পত্ৰ দাখিল কৰিব বুলি ঘোষণা কৰে ।
লগতে চাওকঃপ্ৰয়োজনত হাগ্ৰামাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব প্ৰমোদ বড়োৱে !