ধুবুৰী, 27 জুন : ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্ত(Indo-Bangladesh border)ত বিএছএফে(Border Security Force) চলালে অভিযান । সীমান্তৰ তিস্তাপাৰা অঞ্চলত অভিযান চলাই বিএছএফে আটক কৰিবলৈ সক্ষম হ’ল এজন অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক । উল্লেখযোগ্য যে, প্ৰায় পাঁচ-ছয়জনীয়া বাংলাদেশী নাগৰিকৰ দল এটাই তিস্তাপাৰাৰ উন্মুক্ত সীমান্তৰে প্ৰৱেশ কৰিছিল অসমত । এই বিষয়ে এক গোপন তথ্যৰ ভিত্তিত জানিব পৰা গৈছে যে, সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফে তিস্তাপাৰা অঞ্চলৰ বালাডবাত অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় এজন অবৈধ বাংলাদেশী লোকক ।
বিএছএফৰ এই অভিযানৰ পৰা পলাই বাংলাদেশলৈ উভতি যাবলৈ সক্ষম হ’ল আন চাৰি-পাঁচজনকৈ বাংলাদেশী অনুপ্ৰৱেশকাৰী ৷ ধৃত বাংলাদেশী নাগৰিকজন কুৰিগ্ৰাম জিলাৰ ধ্বনিৰাম পূৰ অঞ্চলৰ তজিম উদ্দিন নামৰ লোকজনৰ পুত্ৰ কালাম আলী ৷ ধৃত বাংলাদেশী নাগৰিকজনৰ জিম্মাৰ পৰা বিএছএফে প্ৰায় ৪৯,৫০০ ভাৰতীয় টকাৰ জালনোট উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
ভাৰত-বাংলাদেশৰ ধুবুৰী সীমান্ত এইদৰে উন্মুক্ত হৈ থকাৰ পৰিণতিত অসমলৈ প্ৰায়ে চুবুৰীয়া দেশখনৰ পৰা অবৈধ প্ৰবজন চলি আহিছে ৷ এই অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীসকল অসমলৈ আহি লিপ্ত হয় নানান বে-আইনী কামত ৷ অসম-বাংলাদেশ সীমান্ত(Assam-Bngladesh border)ৰ গাঁৱসমূহত প্ৰায়ে সংঘটিত হোৱা গৰু-চুৰি তথা চুৰি হোৱা গৰুসমূহ বাংলাদেশলৈ চোৰাং সৰবৰাহৰ সৈতেও জড়িত হয় এই অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰী(illegal Bangladeshi immigrant) সকল ৷

লগতে পঢ়ক : মহাজোঁটৰে ব্যৱধান বঢ়াই মুখ্যমন্ত্ৰীৰে ব্যৱধান কমাইছে হাগ্ৰামাই