ETV Bharat / state

গোলকগঞ্জত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ নিৰ্বাচনী প্ৰচাৰ - ব্ৰহ্মপুত্ৰ

ধুবুৰীৰ গোলকগঞ্জত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ নিৰ্বাচনী প্ৰচাৰ। বিজেপি প্ৰাৰ্থী অশ্বিনী ৰায় সৰকাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় গাডকাৰীয়ে । অহা দুবছৰৰ ভিতৰত গুৱাহাটী ব্ৰহ্মপুত্ৰৰ বুকুত অৱতৰণ কৰিব উৰাজাহাজ । সোণোৱালৰ পাঁচ বছৰ ট্ৰেইলৰ আছিল, সম্পূৰ্ণ চিনেমা বাকী আছে বুলি কলে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে।

গোলকগঞ্জত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Mar 26, 2021, 10:55 PM IST

ধুবুৰী,26 মাৰ্চ: নিৰ্বাচনী প্ৰচাৰ চলাবলৈ শুকুৰবাৰে ধুবুৰীৰ গোলকগঞ্জত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী । গোলকগঞ্জ সমষ্টিৰ কাঁচখানা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুষ্ঠিত হোৱা বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হৈ গোলকগঞ্জ সমষ্টিৰ বিজেপি প্ৰাৰ্থী অশ্বিনী ৰায় সৰকাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় নীতিন গাডকাৰীয়ে । হেলিকপ্টাৰ যোগে গোলকগঞ্জৰ কাঁচখানাত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে নিজৰ ভাষণত নৰেন্দ্ৰ মোদী চৰকাৰ আৰু ৰাজ্যৰ সোণোৱাল চৰকাৰৰ উন্নয়নৰ খতিয়ান দাঙি ধৰি ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰে । তেওঁ নিজৰ ভাষণত কয় যে, এই নিৰ্বাচন বিজেপি আৰু কংগ্ৰেছৰ ভৱিষ্যত নিৰ্বাচিত কৰাৰ বাবে নিৰ্বাচন নহয় । এই নিৰ্বাচন অসমৰ ৰাইজৰ ভৱিষ্যত নিৰ্ণয় কৰিব ।

গোলকগঞ্জত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ নিৰ্বাচনী প্ৰচাৰ

আনহাতে, বিগত দিনত নোহোৱা কাম মোডী চৰকাৰৰ দিনত অসমত পাঁচ বছৰত অসম চৰকাৰে কৰি দেখুৱাইছে বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে । ইপিনে ধুবুৰী ফুলবাৰী দলং অসমৰ বাবে অধিক গুৰুত্বপূৰ্ণ আছিল বুলি কৈ শ্ৰীৰামপুৰৰ পৰা ধুবুৰী লৈ ৫৫ কিলোমিটাৰ চাৰিলেন যুক্ত পথ নিৰ্মাণৰ কাম অহা অক্টোবৰ মাহত আৰম্ভ হ’ব বুলি উল্লেখ কৰে নিজৰ ভাষণত । একেদৰে বিগত ৫০ বছৰত নোহোৱা কাম সৰ্বানন্দ সোণোৱাল চৰকাৰৰ পাঁচ বছৰত অসমত সেই কাম হৈছে বুলি দাবী কৰি পুণৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হোৱাৰ ক্ষেত্ৰত ভোটাৰ ৰাইজৰ সহায় বিচাৰে কেন্দ্ৰীয় নেতা গৰাকীয়ে । ইপিনে পাঁচ বছৰত হোৱা উন্নয়ন কেৱল ট্ৰেইলৰ আছিল বুলি মন্তব্য কৰি সম্পূৰ্ণ চিনেমা এতিয়াও বাকী আছে বুলি মন্তব্য প্ৰদান কৰে তেঁও ।

ব্ৰহ্মপুত্ৰক জলমাৰ্গ বনোৱা হ’ব বুলি ভাষণত উল্লেখ কৰি বৰাক ব্ৰহ্মপুত্ৰৰ বুকুত ড্ৰেজিং কৰাৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় ভাবে নদী পথ সুচল কৰিবৰ বাবে ২৫০ কোটি টকা খৰচ কৰি বাংলাদেশৰ নদীৰ বুকুতো ড্ৰেজিং কৰা হৈছে বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে । লগতে MPBS প্লেন আৰম্ভ কৰা হৈছে বুলি উল্লেখ কৰি অহা দুই বছৰত গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ বুকুত উৰা জাহাজ অৱতাৰণ কৰাৰ ব্যৱস্থা কৰা হ’ব বুলি ৰাইজক আশ্বাস প্ৰদান কৰে । ইপিনে সম্প্ৰতি চাইনাৰ ধুপকাঠি আমদানি বন্ধ কৰা হৈছে যদিওঁ অসমত ধুপকাঠি কাৰখানাৰ হাব হিচাপে গঢ় দিয়া হব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ।

নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হলে অসমত গোবৰৰ প্ৰতি কিলো মূল্য পাঁচ টকা হ’ব বুলি কৈ গোবৰৰ পৰা ডিষ্টাম্পাৰ প্ৰস্তুত কৰা হ’ব বুলি উল্লেখ কৰাৰ লগতে গোবৰ বিক্ৰী কৰি এটা এটা পৰিয়ালে প্ৰতিদিনে কমেও ৫০০ টকা উপাৰ্জন কৰিব পাৰিব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে। আনপিনে অসম প্ৰগতিশীল, সমৃদ্ধিশালী, দৰিদ্ৰতা মুক্ত হ’ব বুলি কৈ মন্ত্রী গৰাকীয়ে লগতে কয় যে, অসম হিন্দুস্থানৰ ভিতৰত এক নম্বৰ ৰাজ্য হ’ব।

লগতে পঢ়কঃ বতৰে কি প্ৰভাৱ পেলাব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.