ধুবুৰী,১৫ ফেব্ৰুৱাৰী: ধুবুৰীত গাঁৱে-ভূঞে নিৰ্বাচনী প্ৰচাৰত নামিছে বিজেপি দলৰ নেতা-কৰ্মীসকল । দিনে-নিশাই অনুষ্ঠিত কৰিছে এখনৰ পিছত আনখন সভা । নিৰ্বাচনৰ পূৰ্বে গেৰুৱা দলটোৰ সদস্যতা গ্ৰহণ কৰে বহু লোকে ।
দেওবাৰে নিশাও ধুবুৰী টাউন মণ্ডল সংখ্যালঘু মৰ্চাৰ উদ্যোগত ধুবুৰীৰ হাজাৰীগাঁৱত বিজেপিৰ যোগদান সভা অনুষ্ঠিত হয় । এই সভাত উপস্থিত থাকে বিজেপিৰ জিলা সভাপতি ডাঃ দেৱময় সান্যাল, গৌৰীপুৰ সমষ্টিৰ প্ৰভাৰী উত্তম কুমাৰ প্ৰসাদ । ধুবুৰী টাউন মণ্ডল সংখ্যালঘু মৰ্চাৰ সভাপতি ৰেজ্জাক খানৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত কংগ্ৰেছ-এ আই ইউ ডি এফ ত্যাগ কৰি শতাধিক লোকে বিজেপিত যোগদান কৰে । যোগদান কৰা সকলো লোককে বিজেপিৰ জিলা সভাপতি ডাঃ সান্যালে আদৰণি জনায় ।
আনহাতে, কংগ্ৰেছ আৰু এ আই ইউ ডি এফে বিগত দিনসমূহত সংখ্যালঘু ৰাইজক লৈ ভোটবেংকৰ ৰাজনীতি কৰি আহিছে বুলি কটাক্ষ কৰে ডাঃ সান্যালে । লগতে ৰাইজে এতিয়া এ আই ইউ ডি এফৰ তলা ভাঙি ওলাই আহি বিজেপি দলত যোগদান কৰিছে বুলি মন্তব্য কৰে বিজেপিৰ জিলা সভাপতিগৰাকীয়ে ।
১৯ ফেব্ৰুৱাৰীত ধুবুৰী মহকুমাৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰায় ১৬ হাজাৰ লোকে বিজেপিত যোগদান কৰিব বুলিও তেওঁ জনায় । আগন্তুক নিৰ্বাচনৰ পূৰ্বে ৰাইজক আকৰ্ষিত কৰিবলৈ ধুবুৰী নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে বিজেপিয়ে ।