ধুবুৰী, 13 এপ্ৰিলঃ অশোকাষ্টমী উপলক্ষে লোকে লোকাৰণ্য ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰ । অসংখ্য ভক্তৰ ভিৰ । কথিত পুৰাণ মতে পৰশুৰামে নিজৰ মাতৃ হত্যাৰ অভিশাপত হাতত লাগি ধৰা কুঠাৰ হাতৰ পৰা খহি নপৰাৰ বাবে শনিবাৰে অশোকাষ্টমীৰ দিনা ব্ৰহ্মপুত্ৰৰ উৎপত্তি স্থল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত স্নান কৰিছিল । তাৰ পিচতেই অভিশপ্ত কুঠাৰ পৰশুৰামৰ হাতৰ পৰা খহি পৰিছিল । তেতিয়াৰ পৰাই অশোকাষ্টমীৰ দিনটোত সনাতন ধর্মৰ লোক সকলে স্নান কৰি আহিছে । ইয়াৰ সমান্তৰালকৈ কোনোবা বৈষ্ণৱ অথবা ভক্তই গংগা বা ব্ৰহ্মপুত্ৰত স্নান কৰিলে গংগাৰ পাপ মোচন হয় বুলি কথিত আছে ।
উল্লেখযোগ্য যে, ধুবুৰী তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে পশ্চিমবংগ, বিহাৰৰ অসংখ্য ভক্তগণৰ আগমনত একপ্ৰকাৰ পূৰ্ণ তীৰ্থস্থানত পৰিণত হৈছে মহাবাহুৰ পাৰ । হিন্দু পৰম্পৰা অনুসৰি আজিৰ দিনটোতেই ব্ৰহ্মপুত্ৰত স্নান কৰাটো অতি পবিত্ৰ বুলি গণ্য হোৱাৰ লগতে পূৰ্বপুৰুষৰ আত্মাৰ শান্তিৰ বাবে অৰ্ঘদান কৰে ব্ৰহ্মপুত্ৰৰ বুকুত । তাৰোপৰি এই পবিত্ৰ দিনটোতেই চুলি দান, পিণ্ডদানৰ দৰে বহু ধৰ্মীয় নিয়ম নীতি সমূহ ব্ৰহ্মপুত্ৰৰ পাৰত পালন কৰে লাখ লাখ ভক্তই ।