ETV Bharat / state

ধুবুৰীত গৰুৰ চোৰাং ছিণ্ডিকেটৰ লগত জড়িত 4 যুৱকক আটক

author img

By

Published : Aug 5, 2020, 10:18 PM IST

ধুবুৰীত গৰুৰ ছিণ্ডিকেটৰ লগত জড়িত 4 গৰাকী যুৱকক আটক আৰক্ষীৰ ৷ আটকাধীন লোক কেইজন গোৱালপাৰা জিলাৰ বুলি জানিব পৰা গৈছে ৷ চাৰিচকীয়া বাহনৰ পৰা আটক কৰে লোক কেইজনক ৷

Arrested Illegal cow thief in Dhuburi
ধুবুৰীত গৰুৰ চোৰাং ছিণ্ডিকেটৰ লগত জড়িত 4 যুৱকক আটক

ধুবুৰী, 4 আগষ্ট : ৰাজ্যত ক'ভিড-19 আৰু বানপানীৰ তাণ্ডৱ অব্য়াহত থকাৰ মাজতে বুধবাৰে পুনৰ গৰুৰ চোৰাং ছিণ্ডিকেটৰ বিৰুদ্ধে তীব্ৰতৰ হৈ উঠিছে ধুবুৰী আৰক্ষী ৷ বুধবাৰে পুনৰ ধুবুৰী আৰক্ষীয়ে অভিযান চলাই নগদ ধন সহ গোৱালপাৰাৰ 4 গৰাকী লোকক আটক কৰে ৷

এক গোপন সূত্ৰৰ পম খেদি ধুবুৰী চহৰত তালাচি অভিযান চলায় ধুবুৰী আৰক্ষীয়ে । অভিযান কালত আৰক্ষীয়ে AS 17E-9662 নম্বৰৰ এখন চাৰিচকীয়া বাহনত থকা চাৰিজনকৈ যুৱকক আটক কৰাৰ লগতে তেওঁলোকৰ পৰা মুঠ 2 লাখ 31 হাজাৰ 300 টকা সহ চাৰিটাকৈ ম'বাইল জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।

আটকাধীন যুৱক কেইজন গোৱালপাৰা জিলাৰ পঞ্চৰত্ন আৰক্ষী থানা এলেকাৰ হাচেন আলী, সাহজামাল, নজৰুল হক আৰু বগুৱান আৰক্ষী থানা এলেকাৰ মমিনুল হক বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ৷ ইফালে, চাৰিওজনৰ পৰা অধিক তথ্য উদ্ঘাটনৰ বাবে ধুবুৰী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : মই স্ক্ৰীণত কল্পনা চাওলাৰ চৰিত্ৰ ৰূপায়ন কৰিব বিচাৰোঃ বাণী কাপুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.