ধুবুৰী, 29 নৱেম্বৰঃ কলা পতাকাৰ আতংকই খেদিছে অসম চৰকাৰক ৷ দেওবাৰে কলা পতাকাৰ ভয়ত ধুবুৰীত আটক কৰা হ'ল জিলা ছাত্ৰ সন্থাৰ কেইবাজনো নেতা কৰ্মীক ৷ আটকাধীন আছু কৰ্মীৰ বিজেপি চৰকাৰ মূর্দাবাদ, আছু জিন্দাবাদ ধ্বনিৰে উত্তাল হ'ল গোলকগঞ্জ আৰক্ষী থানা ৷
উল্লেখ্য যে, দেওবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অসম বংগ সীমান্তৰ ছাগলীয়াত এখন আদৰ্শ আৱাসিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰি পুনৰ উপস্থিত হয় গোলকগঞ্জ শংকৰদেৱ শিশু বিদ্যা নিকেতনত । বিদ্যালয়খনত চলি থকা ৰূপালী জয়ন্তী অনুষ্ঠানৰ মুকলি সভাত অংশগ্ৰহণৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী গৰাকী ৷ ইপিনে মুখ্যমন্ত্ৰী সোণোৱালৰ আগমনৰ সময়তে ধুবুৰী জিলা ছাত্ৰ সন্থাৰ সজাতি দল এটাই মুখ্যমন্ত্ৰীক কলা পতাকা প্ৰদৰ্শন কৰিবলৈ যোৱাৰ সম্ভেদ পাই লগে লগে আছু নেতা কৰ্মী সকলক আটক কৰে আৰক্ষীয়ে ৷ আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নিৰ্মল ৰায়, জিলা সম্পাদক সৌৰভ ভট্টাচাৰ্য, গোলকগঞ্জ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰাজু ৰায় সহ তেৰ আছু সদস্যক আটক কৰে আৰক্ষীয়ে ৷
আৰু পঢ়কঃ অমিতাভ বচ্চনলৈ দাদা চাহেব ফাল্কে বঁটা