ETV Bharat / state

বিয়াৰ প্ৰলোভনেৰে বিশেষভাৱে সক্ষম যুৱতীক যৌন নিৰ্যাতনৰ অভিযোগ

author img

By

Published : Aug 23, 2021, 10:45 PM IST

এগৰাকী বিশেষভাৱে সক্ষম অসহায় যুৱতীক অপহৰণ কৰি নি ভাড়া ঘৰত ৰাখি উপৰ্যুপৰি ধৰ্ষণ কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ধুবুৰীত । স্থানীয় লোকে অভিযোগ কৰা মতে, বিয়া প্ৰলোভনেৰে যৌন নিৰ্যাতন চলাইছিল যুৱতী গৰাকীক ৷

A young girl in Dhubri accused of rape
বিয়াৰ প্ৰলোভনেৰে বিশেষভাৱে সক্ষম যুৱতীক যৌন নিৰ্যাতনৰ অভিযোগ

ধুবুৰী, 23 আগষ্ট : ধুবুৰীৰ এগৰাকী বিশেষভাৱে সক্ষম অসহায় যুৱতীক অপহৰণ কৰি নি ভাড়া ঘৰত ৰাখি উপৰ্যুপৰি ধৰ্ষণ কৰাৰ এক ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ধুবুৰীত। স্থানীয় লোকে সদৰি কৰা মতে, ধুবুৰীৰ ধৰ্মশালা অঞ্চলৰ স্নাতক উত্তীৰ্ণ বিশেষভাৱে সক্ষম যুৱতী গৰাকীৰ নেতৃত্বত গঠন কৰা হৈছিল এটা আত্মসহায়ক গোট ।

যোৱা 3 আগষ্টত আত্মসহায়ক গোটৰ ৮০ হাজাৰ টকা উলিয়াবলৈ স্থানীয় এটা বেংকলৈ গৈছিল যুৱতী গৰাকী ৷ অভিযোগ অনুসৰি তেনে সময়তে এখন চাৰি চকীয়া বাহন লৈ অহা চাৰিজনীয়া এটা দুৰ্বৃত্তৰ দলে অপহৰণ কৰি যুৱতী গৰাকীক গুৱাহাটী অভিমুখে লৈ যায় ।

যুৱতী গৰাকীৰ লগত থকা ৫০ হাজাৰ টকা আৰু বেংকৰ পৰা উলিওৱা ৮০ হাজাৰ টকা সহ মুঠ ১.৩০ লাখ টকা, বেংক এটিএম আৰু কলেজীয়া নথি পত্ৰ সমূহ কাঢ়ি নিয়ে দুৰ্বৃত্তৰ দলটোৰে এজন লোকে ৷ টকা সহ নথি-পত্ৰ কাঢ়ি লোৱা লোকজনেই যুৱতী গৰাকীক গুৱাহাটীৰ মালিগাঁৱৰ এটা ভাড়া ঘৰত 8 দিন ৰাখি শাৰীৰিক নিৰ্যাতন চলায় বুলি অভিযোগ কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক: 3 কোটি টকাৰ মৰ্ফিন জব্দ লাহৰিজানত

ইফালে ভুক্তভোগী যুৱতী গৰাকীয়ে অভিযোগ কৰা মতে, বিয়াৰ প্ৰলোভন দি 8 দিন ভাড়া ঘৰত ৰাখিছিল লোকজনে ৷ 8 দিনৰ পাচত বিয়া কৰোৱাৰ প্ৰলোভনেৰে যুৱতী গৰাকীক নিজ ঘৰলে লৈ আহিছিল লোকজনে ৷ দুয়ো গৈ গৌৰীপুৰত উপস্থিত হোৱাৰ সময়তে যুৱতী গৰাকীক তাতেই এৰি বাছৰ পৰা অন্তৰ্ধান হয় লোকজন ৷

ইয়াৰ পাচতে অসহায় যুৱতী গৰাকীয়ে স্থানীয় ধৰ্মশালা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ৷ উল্লেখ্য যে, উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীৰ ফালৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজৰ লগতে ভুক্তভোগী যুৱতী গৰাকীয়ে ।

এই পৰিপেক্ষিততে ধুবুৰী জিলা আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰি ন্যায় বিচাৰি আবেদন জনাই ভুক্তভোগী যুৱতী গৰাকীয়ে । বিশেষভাৱে সক্ষম অসহায় যুৱতী গৰাকীয়ে ন্যায় বিচাৰি আৰক্ষীৰ শীৰ্ষ বিষয়াৰ কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰিব লগীয়া হোৱাক কেন্দ্ৰ কৰি এতিয়া সকলোৰে মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷

লগতে পঢ়ক: সাংবাদিক সকলে বুজি পোৱা ইচ্যু নহয় সীমা সংঘাত : হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.