ETV Bharat / state

বিলাসীপাৰাত জন্মিল ব্ৰহ্মা,বিষ্ণু,মহেশ্বৰ - বিলাসীপাৰা

বিলাসীপাৰাত ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে জন্ম লাভ কৰাত উৎফুল্লিত হৈ পৰিছে গাঁওবাসী ৷ তেওঁলোক পিচে ভগৱান নহয় ৷ একে গৰাকী মাতৃৰ গৰ্ভজাত যমজ সন্তান হে তিনিও ৷

brahma bishnu maheshwara
triplet
author img

By

Published : Jul 23, 2020, 1:14 PM IST

Updated : Jul 23, 2020, 2:36 PM IST

পশ্চিম বিলাসীপাৰা, 23 জুলাই : যমজ সন্তানৰ কথা আমি সকলোৱে জানো ৷ এগৰাকী গৰ্ভৱতীয়ে যেতিয়া একেসময়তে একাধিক সন্তান জন্ম দিয়ে,তেতিয়া সেই সন্তানক যমজ বুলি কোৱা যায় ৷ সাধাৰণতে দুটা যমজ সন্তানৰ জন্ম হোৱা দেখা যায় যদিও কেতিয়াবা ততোধিক সন্তান জন্ম দিয়ে কোনো গৰ্ভৱতীয়ে ৷ বিলাসীপাৰাৰ এলেংমাৰী গাঁৱৰ এগৰাকী মহিলাই জন্ম দিছে যমজ সন্তান ৷ এগৰাকী মাতৃৰ গৰ্ভৰ পৰা জন্ম পাইছে তিনিটা ল'ৰা সন্তান ৷ এই ঘটনাই অনাবিল সুখ আৰু আনন্দ কঢ়িয়াই আনিছে গাঁওখনত ৷

বিলাসীপাৰাত জন্মিল ব্ৰহ্মা,বিষ্ণু,মহেশ্বৰ

এলেংমাৰী গাঁৱৰ নিয়কান্ত নাথ নামৰ কৃষক গৰাকীৰ ঘৰত জন্ম পাইছে শিশু তিনিটা ৷ আৰ্থিকভাৱে দুৰ্বল কৃষকজনৰ পুত্ৰ হায়দৰাবাদত কৰ্মৰত আৰু লক ডাউনৰ বাবে তাতে আবদ্ধ হৈ থাকিব লগীয়া হয় তেওঁ ৷ বহু অভাৱ অনাটনৰ মাজত জীৱন অতিবাহিত কৰা পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াইছিল গাঁও খনৰ এম্বুলেন্স চালক ৰূপনাথ শৰ্মাই ৷

তিনি যমজ সন্তান পাই উৎফুল্লিত গাঁওবাসী

সঠিক সময়ত গর্ভৱতী মহিলা গৰাকীক চিকিৎসালয়লৈ নিয়াৰ উপৰিও বিভিন্ন ভাৱে সহায় সহযোগিতা আগবঢ়াইছিল এম্বুলেঞ্চ চালকজনে ৷ অৱশেষত জুলাই মাহৰ ৭ তাৰিখে প্ৰসূতিগৰাকীয়ে জন্ম দিয়ে তিনিটাকৈ ল'ৰা সন্তান। চিকিৎসকৰ পৰামৰ্শ মতে বুধবাৰে ঘৰলৈ লৈ আনে মাতৃ সহ তিনি সন্তানক ৷

এম্বুলেন্স চালকে আগবঢ়াইছিল সহায়ৰ হাত

তিনিটা শিশুৰ লগতে মাতৃগৰাকী বৰ্তমান সুস্থ অৱস্থাত আছে ৷ তিনিটা ল'ৰা সন্তান জন্ম হোৱাত ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ নামেৰে নামাকৰণ কৰি গাঁও খনত সকলোৱে সুখ অনুভৱ কৰিছে ৷

লগতে পঢ়ক : অসমীয়াক ONGC ত নিযুক্তি দিয়াৰ বিৰুদ্ধে শিলচৰত প্ৰতিবাদ

Last Updated : Jul 23, 2020, 2:36 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.