বিলাসীপাৰা,১৭ এপ্ৰিলঃ বুধবাৰে বিলাসীপাৰাত নিৰ্বাচনী প্ৰচাৰ চলায় এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমল । এ আই ইউ ডি এফৰ উপ সভাপতি গংগাধৰ ৰায়ৰ সভাপতিত্বত বিলাসীপাৰা চহৰৰ আঞ্চলিক ঈদগাহ ময়দানত আয়োজিত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি দলটোৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলে বিজেপি আৰু কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে | মোদী হাটাও দেশ বাচাও , অমিত শ্বাহ হাটাও, হিমন্ত হাটাও দেশ বাচাও শ্ল'গানেৰে মঞ্চত ভাষণ প্ৰদান কৰে বদৰুদ্দিন আজমলে । লগতে নৰেন্দ্ৰ মোডীৰ পৰাজয় এইবাৰ নিশ্চিত বুলি কোৱাৰ লগতে কয় যে মোডীৰ পৰাজয় হ'লে মানসিক বিকাৰগ্ৰস্ত হৈ পৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা | আৰু হিমন্ত বিশ্বৰ মানসিক চিকিৎসাৰ বাবে মই ইতিমধ্যে তেজপুৰত এটা ঘৰ ভাড়া কৰি থৈছোৱেই বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে বদৰুদ্দিন আজমলে । হিমন্তৰ চিকিৎসা ব্যয় বহন কৰিব বুলিও উল্লেখ খৰে আজমলে ৷
বিজেপিৰ কেন্দ্ৰীয় সভাপতি অমিত শ্বাহকো তীব্ৰ সমালোচনা কৰি আজমলে কয় যে অমিত শ্বাহ এটা বিষাক্ত সাপ ।লগতে মুছলমানক বেয়া পোৱা, টুপী দাঢ়িক বেয়া পোৱা, মছজিদক বেয়া পোৱা বিজেপি চৰকাৰক এইবাৰৰ নিৰ্বাচনত উৎখাত কৰিবলৈও আহ্বান জনায় |