জোনাই,২৭ মাৰ্চ: চিলাপথাৰ মেচাকি টঙানিত শনিবাৰে ঔদ্যোগিক পাৰ্ক নিৰ্মাণৰ বিৰুদ্ধে একাংশ কু-চক্ৰান্তকাৰীয়ে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰাৰ পিছত(Miscreants against industrial parks), দেওবাৰে চিলাপথাৰৰ বগীবিল সমীপৰ মেচাকি-টঙানি গাঁও উন্নয়ন সমিতিৰ উদ্যোগত TMPK, MMK,TMMK আৰু মেচাকি টঙানি গাঁওবাসী ৰাইজৰ সহযোগত আয়োজন কৰা হয় এখনি সংবাদমেলৰ(Villagers of Mesaki Tongani against miscreants) ৷
অসম তথা ভাৰত চৰকাৰে প্ৰস্তাৱিত উদ্যোগটোৰ জৰিয়তে অঞ্চলটোৰ শ-শ নিবনুৱা যুৱক-যুৱতীৰ লগতে ৰাইজৰ সামগ্ৰিক দিশত সৰ্বাংগীণ উন্নয়ণৰ বাট মুকলি কৰাৰ এক প্ৰচেষ্টা হাতত লৈছিল । কিন্তু তেনে সময়তে শনিবাৰে মেচাকি টঙানি অঞ্চলত জোনাই, গোগামুখ, চিচিবৰগাঁও, চিলাপথাৰ অঞ্চলৰ কেইজনমান আংগু-পাংগুৰ সহায়ত মেচাকি টঙানি অঞ্চলৰ ৰাইজৰ সমস্যা কি বুজি নোপোৱা এইসকল নেতাগিৰি দেখুওৱা তথা কুচক্ৰান্তকাৰীয়ে অঞ্চলটোৰ ভাতৃত্ববোধৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ ওলোৱা কাৰ্যক সংবাদমেলৰ জৰিয়তে সকিয়নি প্ৰদান কৰে(PC atTongani village in Silapathar) ৷
সংবাদমেলত এই কথাও উল্লেখ কৰে যে, মেচাকি টঙানি গাঁৱৰ ৰাইজৰ ৩৪০ বিঘা ৰাজহুৱা মাটি চন পৰি আছে । ইয়াৰে প্ৰথম পৰ্যায়ত ১০০ বিঘা মাটিত উদ্যোগ পাৰ্ক নিৰ্মাণৰ কাম-কাজ আৰম্ভ হ'ব । ইয়াত কোনো ব্যক্তিগত পৰিয়ালৰ মাটি উদ্যোগপতিৰ হাতত মাটি আৱন্তন দিয়াৰ প্ৰশ্ন নাই । মেচাকি টঙানি গাঁও উন্নয়ণ সমিতিয়ে মাটিৰ নামজাৰি কৰাৰ নামত এটা ফুটা-কৰিও লোৱা নাই ।
গাঁৱৰে একাংশ লোকে মাটি নামজাৰি কৰি দিয়াৰ নামত বুজন পৰিমাণৰ ধন সংগ্ৰহ কৰি আজি পৰ্যন্ত সফল নোহোৱাত আজি নিজকে ধোৱা-তুলসীৰ পাত সজাবলৈ গৈ ৰাইজক বিপথে পৰিচালিত কৰিবলৈ যোৱা কাণ্ডক সংবাদমেলত তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷ অঞ্চলটোৰ বিষয়ে অনভিজ্ঞ একাংশ বাহিৰা লোকে আহি ৩৪০ বিঘা উদ্যোগ পাৰ্কৰ মাটিৰ বিপৰীতে ১০০৫ বিঘা বুলি মিছাতে গঞা ৰাইজক উচতনি দিয়া কাৰ্যক গাঁও উন্নয়ন সমিতি আৰু মিচিং জাতীয় দল সংগঠনে গৰিহণা দিয়ে । লগতে ভৱিষ্যতে যদি পুনৰ তেনে কাণ্ড সংঘটিত কৰে তেন্তে অনাগত দিনত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি সংবাদমেল জৰিয়তে সকিয়নি প্ৰদান কৰে ।