ETV Bharat / state

10-15 জোপা চাহ গছ ৰোপণ কৰি বছৰটোৰ বাবে কেনেকৈ ল’ব চাহৰ জুতি !

author img

By

Published : Sep 4, 2020, 5:07 PM IST

ব্যৱসায়ভিত্তিত নহয় কেৱল ঘৰৰ পৰিয়ালটোৰ বাবেই 10-15 জোপা চাহ গছ ৰোপণ কৰিয়ে বছৰটোৰ বাবে আপুনি লাভ কৰিব পাৰে নিৰ্ভেজাল চাহৰ জুতি ৷ এই মনোবৃত্তিৰেই আগবাঢ়ি আহিছে ধেমাজিৰ কোৱাফলা গাৱঁৰ পংকজ গগৈ নামৰ এজন লোক ৷

Domestic tea production by Pankaj Gogoi
Domestic tea production by Pankaj Gogoi

ধেমাজি, 4 ছেপ্তেম্বৰ : যি সময়ত অসমৰ চাহে আন্তঃৰাষ্ট্ৰীয় বজাৰত সমাদৰ লাভ কৰি আহিছে লগতে কোনো কোনো বিশেষ চাহৰ মূল্য প্ৰতি কেজিত কেইবা হাজাৰ টকা পৰ্যন্ত দৰ উঠিছে । তেনে সময়ত অসমৰ জনসাধাৰণে উচ্চ নিৰিখ দৰত খাবলগীয়া হৈছে ভেজালযুক্ত চাহ । তেনে সময়তে ধেমাজিৰ কোৱাফলা গাঁৱৰ পংকজ গগৈ নামৰ লোকজনে ঘৰৰ বাৰীৰৰ চুকতে 10-15 জোপা চাহ গছ ৰোপণ কৰিয়ে বছৰটো উচ্চ দৰত চাহ ক্ৰয় নকৰাকৈ অনায়াসে চাহৰ জুতি ল’বলৈ সক্ষম হৈছে । এই উৎপাদিত চাহ উৎকৃষ্ট মানদণ্ডৰ লগতে একবাৰে বিশুদ্ধ তথা কীটনাশক দ্ৰব্য মুক্ত ।

বছৰটোৰ বাবে ঘৰতে কেনেকৈ উৎপাদন কৰিব চাহ !

প্ৰথমে চাহপাত সমূহ চিঙি লৈ লেৰেলি যোৱাৰ পাচত ঢেঁকীৰে খুন্দি খুন্দি তাৰ পাচত ৰ'দত শুকুৱাই পৰিয়ালটোৱে নিৰ্ভেজাল স্বাস্থ্য সন্মত চাহ প্ৰস্তুত কৰি অতি ঘৰুৱাভাৱে বছৰটোৰ বাবে চাহৰ সোৱাদ লৈ আহিছে ।

লোকজনে জনোৱা মতে, সপ্তাহত দুবাৰকৈ পাত ছিঙি প্ৰস্তুত কৰি আহিছে চাহপাত । বৰ্তমানে তেওঁ ব্লেক টি তৈয়াৰ কৰি আহিছে যদিও ইতিমধ্যে লোকজনে গ্ৰীন টি প্ৰস্তুতি সম্পৰ্কীয় প্ৰশিক্ষণ গ্ৰহণ কৰিছে আৰু পিছলৈ গ্ৰীণ টি আৰু অৰ্থডক্স ব্লেক টি প্ৰস্তুত কৰিবলৈ প্ৰয়াস কৰিব বুলিও জানিবলৈ দিয়ে ।

পংকজ গগৈৰ প্ৰচেষ্টাত চাহ উৎপাদন

তেওঁ লগতে কয় যে, দেশৰ ভিতৰতে সৰ্বাধিক চাহ উৎপাদনকাৰী ৰাজ্য হিচাপে পৰিগণিত অসমৰ জনসাধাৰণে সম্প্ৰতি অতি চৰা দামত চাহ ক্ৰয় কৰিব লাগে । প্ৰান্তে প্ৰান্তে বহু ক্ষুদ্ৰ চাহ বাগিছা গঢ় লৈ উঠিছে যদিও হ্ৰাস হোৱা নাই চাহৰ দাম । এতিয়াও উৎকৃষ্ট মানদণ্ডৰ চাহৰ খোৱাৰ পৰাও বঞ্চিত হ’বলগীয়া ৰাজ্যবাসী । সেয়ে ব্যৱসায়ভিত্তিত নকৰিলেও কেৱল পৰিয়ালটোৰ সু-স্বাস্থ্যৰ বাবে এনেদৰে 10-15 জোপা বাৰীৰ চুকত এবাৰ ৰুলেই বছৰটোৰ বাবে এটা পৰিয়ালে চাহ ক্ৰয় নকৰাকৈয়ে স্বাস্থ্যসন্মত সুস্বাদু চাহৰ জুতি ল’ব পাৰিব বুলি মন্তব্য কৰে ।

লগতে চাওক-শাৰদীয় দূৰ্গোৎসৱ উদযাপনত বাধা আলফা স্বাধীনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.