ETV Bharat / state

Scam in Jal Jeevan Mission: জোনাইত মুকলিৰ পূৰ্বেই নষ্ট জল জীৱন মিছনৰ পাইপ

author img

By

Published : Feb 20, 2023, 1:27 PM IST

প্ৰতিটো ঘৰত বিশুদ্ধ খোৱাপানী যোগানৰ বাবে চৰকাৰৰ এক অভিলাষী প্ৰকল্প হৈছে জল জীৱন মিছন (Jal Jeevan Mission in Dhemaji)। কিন্তু ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে জোনাইত জল জীৱন মিছন ৰূপায়ণত হোৱা বিভিন্ন অনিয়ম তথা প্ৰহসনৰ ঘটনা পোহৰলৈ আহিছে ।

Scam in Jal Jeevan Mission at Jonai
জোনাইত জল জীৱন মিছন আঁচনিৰ পৰা নাপালে পানী

জোনাই, ২০ ফেব্ৰুৱাৰী: 2024 চনৰ ভিতৰত দেশৰ প্ৰতিটো পৰিয়ালকে পৰ্যাপ্ত পৰিমাণৰ আৰু নিৰ্ধাৰিত গুণ সম্পন্ন বিশুদ্ধ খোৱাপানী যোগানৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছিল জল-জীৱন আঁচনি ৷ দেশৰ আন ৰাজ্যৰ সমান্তৰালকৈ অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগেও আৰম্ভ কৰে 'জল জীৱন মিছন' আঁচনিৰ কাম ৷ কিন্তু এই আঁচনি ৰূপায়নৰ পিছৰে পৰাই ৰাজ্যৰ বিভিন্ন জিলাত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ বিগত সময়ত বিভিন্ন ঠাইৰ লগতে জোনাইতো এই আঁচনিত সংঘটিত দুৰ্নীতিৰ তদন্তৰ দাবী জনাই ৰাইজে প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰিছে । ইয়াৰ পিছতো জোনাইৰ ৰাইজে কোনো সুফল লাভ নকৰা বুলি ক্ষোভ উজাৰিছে (Scam in Jal Jeevan Mission at Jonai)। জোনাইত প্ৰহসনত পৰিণত হৈছে এই আঁচনিখন ।

ধেমাজি জিলাত জোনাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত ৰূপায়ণ কৰা জল জীৱন মিছন আঁচনিৰ কাম সম্পূৰ্ণ হৈছে (Jonai Public Health Department) ৷ কিন্তু ইয়াৰ পিছতো ৰাইজে এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷ জিলাখনৰ জোনাইৰ উজনি বিজয়পুৰত জল জীৱন আঁচনিৰ জৰিয়তে নিৰ্মাণ কৰা পানী যোগান আঁচনিখনৰ কেইবামাহৰ পূৰ্বে নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছিল যদিও আজি পৰ্যন্ত ৰাইজক দিব পৰা নাই এটুপি বিশুদ্ধ খোৱাপানী (People deprived of Schemes in Upper Vijaypur) ৷ ৰাইজে অভিযোগ কৰা মতে, জোনাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চৰম হেমাহি আৰু আঁচনিখন নিৰ্মাণ কৰা ঠিকাদাৰে নিম্ন মানেৰে কাম সম্পূৰ্ণ কৰাত পানী যোগানৰ পূৰ্বেই বিধ্বস্ত হৈ পৰিছে ।

ঘৰে ঘৰে বা ঠায়ে ঠায়ে স্থাপন কৰা পানীৰ পাইপসমূহ নষ্ট হ'বলৈ ধৰিছে ৷ বিভাগীয় নীতি-নিৰ্দেশনাক অমান্য কৰি পানীৰ নলাসমূহ স‌ংযোগ কৰি ইতিমধ্যেই ঠিকাদাৰ গোষ্ঠীয়ে দায়িত্ব সামৰিলে ৷ ইপিনে, জনস্বাস্থ্য কাৰিকৰী বিভাগেও নলাৰে সংযোজিত হোৱা ব্যক্তিসকলৰ পৰা যাৱতীয় নথি-পত্ৰ লৈ দায়িত্ব সামৰিছে বুলি অভিযোগ উত্থাপিত হৈছে ৷ ঠায়ে ঠায়ে টেপসমূহ সঠিকভাৱে স্থাপন কৰা হোৱা নাই বুলিও ৰাইজে অভিযোগ উত্থাপন কৰিছে ।জল জীৱন আঁচনিৰ পাইপ মাত্ৰ এক ফুটৰ পৰা ডেৰফুটৰ তলত স্থাপন কৰাৰো অভিযোগ উঠিছে ।

ইয়াৰ উপৰি উজনি বিজয়পুৰ গাঁৱত স্থাপন কৰা এই অভিলাষী আঁচনিখনৰ সুফল লাভৰ পৰা এতিয়াও বঞ্চিত বৃহত্তৰ গাঁওখনৰ প্ৰায় ৪০ শতাংশ পৰিয়ালে ৷ ইফালে, জল জীৱন মিছনৰ জৰিয়তে নিৰ্মাণ কৰা আঁচনিখনৰ পৰা এটুপি বিশুদ্ধ খোৱাপানী পোৱাৰ আশাত ৰাইজে উৎফুল্লিত হৈছিল যদিও জোনাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চৰম হেমাহি আৰু ঠিকাদাৰে নিম্ন মানেৰে আঁচনিখন নিৰ্মাণ কৰাত উজনি বিজয়পুৰ গাঁৱৰ ৰাইজে আজিও বঞ্চিত হ'বলগীয়া হৈছে চৰকাৰে যোগান ধৰা এটুপি বিশুদ্ধ খোৱাপানী পৰা ৷

লগতে পঢ়ক:Scam in Arunoday scheme: অৰুণোদয় আঁচনিৰ পৰা প্ৰকৃত হিতাধিকাৰী বঞ্চিত হোৱাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.