জোনাই, 10 অক্টোবৰ : ধেমাজি জিলাৰ জোনাই মহকুমাত শনিবাৰে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত এক পথ দুৰ্ঘটনা সংঘটিত হয় ৷ পুৱতি নিশা প্ৰায় 3.00 বজাত সংঘটিত হোৱা তীব্র বেগী ট্ৰাক এখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দেৱালত খুণ্ডা মৰাৰ ফলত দেৱালৰ কিছু অংশ খহি পৰে ৷

স্থানীয় লোকে জনোৱা অনুসৰি,AS-22C-6911 নম্বৰৰ ট্ৰাকখন নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হয় ৷ ইফালে,ঘটনা সংঘটিত কৰিয়েই বাহনখনৰ চালকজনে পলায়ন কৰে বুলি স্থানীয় সূত্ৰই জানিবলৈ দিয়ে।
লগতে পঢ়ক : বিশ্ব মানসিক স্বাস্থ্য দিৱসত কি ক'লে দালাই লামাই ?