ETV Bharat / state

উদ্ধাৰ হ'ল 20 জুনত নিৰুদ্দেশ হোৱা জোনাইৰ তিনি ছাত্ৰ - পুৰণা দিল্লী ৰেলৱে আৰক্ষী

মিচিং ছাত্ৰ সন্থা আৰু পুৰণা দিল্লী ৰে'লৱে আৰক্ষীৰ যুটীয়া অভিযানত উদ্ধাৰ হ'ল তিনি নিৰুদ্দিষ্ট কিশোৰ ৷ ৰেলেৰে ৰঙিয়াৰ পৰা দিল্লী হৈ জন্মু কাশ্মীৰলৈ গৈ আছিল কিশোৰ তিনিগৰাকী ৷

etv bharat
author img

By

Published : Jun 27, 2019, 3:55 AM IST

জোনাই, 27 জুন: অৱশেষত উদ্ধাৰ হ'ল 20 জুনৰ পৰা নিৰুদ্দেশ হৈ থকা জোনাইৰ তিনিও গৰাকী কিশোৰ ৷ সোমবাৰে নিশা পুৰণা দিল্লীৰ ৰে'লৱে পুলিচে অভিযান চলাই উদ্ধাৰ কৰে কিশোৰ তিনিগৰাকীক | ৰেলেৰে ৰঙিয়াৰ পৰা দিল্লী হৈ জন্মু কাশ্মীৰলৈ গৈ আছিল কিশোৰ তিনিগৰাকী ৷ মিচিং ছাত্ৰ সন্থাৰ গোট আৰু পুৰণা দিল্লী ৰেলৱে আৰক্ষীৰ যুটীয়া অভিযানত কিশোৰ তিনিজনক উদ্ধাৰ কৰাৰ পাচতে সোধ-পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ইয়াৰোপৰিও, কিশোৰ তিনিগৰাকীৰ নিৰুদ্দেশ হোৱাৰ লগত জড়িত আন এজন লোককো সোধ-পোচৰ বাবে আৰক্ষীয়ে আটক কৰিছে ৷

উদ্ধাৰ হোৱা কিশোৰ কেইগৰাকী- হিমান্ত পেগু (অষ্টম শ্ৰেণী), গাম কুটুম (সপ্তম শ্ৰেণী), আৰু মিগম দলে (ষষ্ঠ শ্ৰেণী) তেলাম এচ এফ এচ বিদ্যালয়ৰ ছাত্ৰ ৷ উল্লেখ্য যে, 20 জুন তাৰিখে নিৰুদ্দেশ হোৱাৰ পাচৰ দিনাই চানমিয়া নামৰ এজন লোকৰ মোবাইলৰ পৰা গাম কুটুম নামৰ ছাত্ৰজনে পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰি ৰঙিয়া হৈ ৰেলেৰে জন্মু-কাশ্মীৰ লৈ গৈ থকা বুলি জানিবলৈ দিয়ে ৷ আৰু ইয়াৰ পাচতেই পৰিয়ালৰ লোকে চিমেন আৰক্ষীক অৱগত কৰে ৷

Intro:Body:জোনাইৰ নিৰুদ্দেশ হোৱা তিনি কিশোৰ দিল্লীত উদ্ধাৰ/জন্মু-কাশ্মীৰলৈ গৈ থকা সময়ত পুৰণা দিল্লী ৰেলৱে আৰক্ষী আৰু মিচিং ছাত্ৰ সন্থাই উদ্ধাৰ কৰে|
জোনাই 26 জুন
জোনাই পৰাৰ যোৱা 20 জুন তাৰিখে নিৰুদ্দেশ হোৱা কিশোৰ ছাত্ৰক যোৱা সোমবাৰে নিশা পুৰণা দিল্লীৰ ৰেলৱে পুলিচে অভিযান চলাই উদ্ধাৰ কৰে|ৰেলেৰে ৰঙিয়াৰ পৰা দিল্লী হৈ জন্মু কাশ্মীৰলৈ গৈ থকা সময়ত দিল্লীত থকা মিচিং ছাত্ৰ সন্থাৰ গোট আৰু পুৰণা দিল্লী ৰেলৱে আৰক্ষীৰ যুটীয়া অভিযানত সোমবাৰে নিশা পুৰণা দিল্লীৰ ষ্টেচনত তিনিওজন কিশোৰক উদ্ধাৰ কৰাৰ লগতে এজন আলি উপাধিৰ লোকক সোধাপোচাৰ বাবে আটক কৰছে ৰেলৱে আৰক্ষীয়ে| পৰিয়ালৰ মতে তেলাম এচ এফ এচ বিদ্যালয়ৰ ছাত্ৰ হিমান্ত পেগু অষ্টম শ্ৰেণী, গাম কুটুম সপ্তম শ্ৰেণী, আৰু মিগম দলে ষষ্ট শ্ৰেণী ছাত্ৰ তিনিওজন 20 জুন তাৰিখে সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ পৰে| তাৰ পিছ দিনা 21 জুন তাৰিখে চানমিয়া নামৰ এজন লোকৰ মবাইল নম্বৰৰ পৰা গাম কুটুম নামৰ ছাত্ৰ জনে ঘৰলৈ যোগাযোগ কৰি ৰেলেৰে ৰঙিয়া হৈ জন্মু কাশ্মীৰ লৈ গৈ থকা বুলি জানিবলৈ দিয়ে|ইয়াৰ পিছতে পৰিয়ালৰ লোকে চিমেন আৰক্ষীৰ সৈতে যোগাযোগ কৰি মবাইল নম্বৰ সহায়ত লৰা কেইজনৰ অৱস্থান জানিব পাৰে আৰু পুৰণা দিল্লী ৰেলৱে আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে ইফালে পৰিয়ালৰ লোকেও দিল্লীত থকা মিচিং ছাত্ৰ সন্থাক কথাটো অৱগত কৰাত টি এম পি কে আৰু দিল্লী ৰেলৱে আৰক্ষীৰ যুটীয়া অভিযান চলাই পুৰণা দিল্লী ষ্টেচনত জন্মু কাশ্মীৰ অভিমুখী ৰেলৰ পৰা তিনিজন কিশোৰ ছাত্ৰক উদ্ধাৰ কৰাৰ লগতে ছাত্ৰ কেইজনক লৈ যোৱা আলি উপাধিৰ এজন লোকক ৰেলৱে আৰক্ষীয়ে সোধাপোচাৰ বাবে ঈটক কৰিছে|উদ্ধাৰ কৰা তিনিজন কিশোৰ ছাত্ৰক দিল্লী ৰেলৱে আৰক্ষীয়ে শিশু গৃহত ৰখা বুলি চিমেন চাপৰি আৰক্ষীক জানিবলৈ দিয়াৰ লগতে যোৱা নিশাই কিশোৰ কেইজনক পৰিয়ালৰ সতে এটা আৰক্ষী দলে দিল্লী অভিমুখী যাত্ৰা কৰিছে| তিনিজন কিশোৰ ছাত্ৰকেইজনক কোন কেনেকৈ আৰু কি উদ্দেশ্যেৰে লৈ গৈছিল সকলো কথা কিশোৰ কেইজনক জোনাই চিমেন চাপৰি আৰক্ষী থানালৈ অনাৰ পিছতহে গম পোৱা যাব বুলি চিমেন চাপৰি প্ৰভাৰী বিষয়া নিৰেন হাজৰিকাই জানিব দিয়ে|

কৰবী দে জোনাইConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.