ETV Bharat / state

শিক্ষা কেলেংকাৰী : ধনৰ বিনিময়ত প্ৰদান বৃ্ত্তিমূলক প্ৰশিক্ষণৰ প্ৰমাণ পত্ৰ

author img

By

Published : Nov 25, 2020, 1:03 PM IST

বৃ্ত্তিমূলক প্ৰশিক্ষণৰ প্ৰমাণ পত্ৰ দিয়াৰ নামত ধেমাজি আৰু চিলাপথাৰত চলিছে ব্যাপক অনিয়ম ৷ ধনৰ বিনিময়ত বিনা অধ্যয়নে অৰ্হতাৰ প্ৰমাণ পত্ৰ প্ৰদানৰ অভিযোগ ৷ এজনক আটক আৰক্ষীৰ ৷

vocational course
vocational training

ধেমাজি, 25 নৱেম্বৰ : ৰাজ্যত বিভিন্ন চৰকাৰী নিযুক্তি সম্পৰ্কীয় পৰীক্ষা অনুষ্ঠিত কৰাৰ নামত ভিন্ন সময়ত জালিয়াতি সংঘটিত হৈ থকাৰ খবৰে শেহতীয়াকৈ সংবাদ শিৰোনাম দখল কৰিছে ৷ ইয়াৰ মাজতে এইবাৰ ব্যক্তিগত বৃ্ত্তিমূলক প্ৰশিক্ষণ কেন্দ্ৰই প্ৰমাণ পত্ৰ দিয়াৰ নামত ব্যাপক জালিয়াতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে ধেমাজিত ৷ অভিযোগ মতে, ধেমাজি জিলাৰ চিলাপথাৰ নগৰৰ জ্যোতিস্মান চলিহাই গুৱাহাটীৰ মডেল ভকেচনেল টেইনিং ইনষ্টিটিউটৰ শাখা চিলাপথাৰত মুকলি কৰি প্ৰতিষ্ঠানটোৰ নামত ভুৱা পেড, প্ৰতিষ্ঠানটোৰ সঞ্চালকৰ আৰু স্বতাধিকাৰীৰ চহী জালিয়াতি কৰি ধনৰ বিনিময়ত নিবনুৱা যুৱক যুৱতীসকলক প্ৰমান পত্ৰ প্ৰদান কৰি আহিছিল ৷

vocational training
বৃ্ত্তিমূলক প্ৰশিক্ষণৰ প্ৰমাণ পত্ৰ প্ৰদাত কেলেংকাৰী

আচৰিত কথা যে, পৰীক্ষাত অৱতীৰ্ণ নহ’লেও ধনৰ বিনিময়ত বিক্ৰী কৰি আহিছিল অৰ্হতা প্ৰমাণ পত্ৰ ৷ ফলত মঙলবাৰে মাধুৰ্য শইকীয়া নামৰ এজন যুৱকৰ এজাহাৰৰ ভিত্তিত এই জালিয়াতি কাণ্ড পোহৰলৈ আহে ৷ যুৱকজনে অভিযোগ কৰা মতে, 5 ৰ পৰা 17 হাজাৰ পৰ্যন্ত ধনৰ বিনিময়ত বিক্ৰী কৰি আহিছিল প্ৰমাণ পত্ৰ ৷

ধনৰ বিনিময়ত প্ৰদান বৃ্ত্তিমূলক প্ৰশিক্ষণৰ প্ৰমাণ পত্ৰ

ইতিমধ্যে এই কাণ্ডত জড়িত অভিযুক্ত জ্যোতিস্মান চলিহাক ধেমাজি আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি অধীনৰ 419/420/468 ধাৰাত আটক কৰি 558/20 নম্বৰত গোচৰ পঞ্জীয়ন কৰি সোধা পোচা অব্যাহত ৰাখিছে ৷ কোন দিশে ধাৱমান বৰ্তমানৰ নিযুক্তি সম্পৰ্কীয় প্ৰতিযোগিতাৰ পৰীক্ষা ? ধন দিলেই বিনা কষ্টে সকলো অৰ্হতা সহজ লভ্য নেকি এইখন অসমত ৷ সম্প্ৰতি এয়াই হৈছে এক জটিল প্ৰশ্ন ৷

লগতে পঢ়ক : তৰুণ গগৈক শ্ৰদ্ধাঞ্জলী জনাবলৈ গুৱাহাটীত উপস্থিত ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.