ETV Bharat / state

জোনাইত ক’ভিড পৰিস্থিতিৰ বুজ ল’লে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে - অক্সিজেন যুক্ত বিচনা

শুকুৰবাৰে জোনাইত ক’ভিড পৰিস্থিতিৰ বুজ ল’লে নৱ নিযুক্ত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । শিক্ষামন্ত্ৰীগৰাকীয়ে জোনাইত উপস্থিত হৈ আৱৰ্ত ভৱনত এখনি ক’ভিড সম্পৰ্কীয় বৈঠকত অংশগ্ৰহণ কৰে ।

জোনাইত ক’ভিড পৰিস্থিতিৰ বুজ ল’লে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে

author img

By

Published : May 15, 2021, 11:59 AM IST

জোনাই,15 মে’: কৰ’ণাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ । শুকুৰবাৰে সন্ধিয়া প্ৰায় ৫.৩০ বজাত ক’ভিড পৰিস্থতিৰ বুজ ল’বলৈ জোনাইত নৱ নিযুক্ত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত হয় । মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ লক্ষীমপুৰ, ধেমাজি, চিলাপথাৰ লগতে জোনাইলৈ আহে মন্ত্ৰীগৰাকী । শিক্ষামন্ত্ৰীগৰাকীয়ে জোনাইত উপস্থিত হৈ আৱৰ্ত ভৱনত এখনি ক’ভিড সম্পৰ্কীয় বৈঠকত অংশগ্ৰহণ কৰে ।

জোনাইত ক’ভিড পৰিস্থিতিৰ বুজ ল’লে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে

উল্লেখ্য যে, মন্ত্ৰীগৰাকীয়ে ৩০ খন বিচনাযুক্ত ক’ভিড ৱাৰ্ড পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ সা-সুবিধাৰ বিষয়ে বুজ লয় । সম্প্ৰতি জোনাই মহকুমাত পৰ্যাপ্ত পৰিমাণৰ ঔষধ মজুত থকাৰ বিপৰীতে ৰোগীৰ বাবে মাত্ৰ ৩০ খন বিচনা থকাৰ কথা জানিবলৈ দিয়ে ৷ তদুপৰি অক্সিজেনযুক্ত বিচনা মাত্ৰ দুখন আছে বুলি জানিব পৰা গৈছে ৷ গতিকে শীঘ্ৰে অক্সিজেন যুক্ত বিচনা ২০ খনলৈ বৃদ্ধি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : ক’ভিড পৰিস্থিতি বুজ ল’বলৈ ধেমাজিত উপস্থিত মন্ত্ৰী ডাঃ ৰণোজ পেগু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.