ETV Bharat / state

Mirem village celebrates Diamond Jubilee: অৰুণাচল প্ৰদেশৰ পূৱ ছিয়াং জিলাৰ মিৰেম গাঁৱৰ হীৰক জয়ন্তী বৰ্ষ উদযাপন - অৰুণাচল প্ৰদেশৰ পূৱ ছিয়াং জিলা

অৰুণাচল প্ৰচেশৰ পূৱ ছিয়াং জিলাৰ ৰুকচিং মহকুমাৰ অন্তৰ্গত মিৰেম গাঁওখন গৰকিলে ৭৫ বছৰ। এই লৈ মিৰেম গাঁৱৰ ৰাইজে ১৮ ডিচেম্বৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিছে হীৰক জয়ন্তী বৰ্ষ (Mirem village celebrates Diamond Jubilee)।

Diamond Jubilee Celebration of Mirem Village in Siyang Arunachal Pradesh
অৰুণাচল প্ৰদেশৰ পূৱ ছিয়াং জিলাৰ মিৰেম গাঁৱে উদযাপন কৰিছে হীৰক জয়ন্তী বৰ্ষ
author img

By

Published : Dec 19, 2022, 7:45 PM IST

অৰুণাচল প্ৰদেশৰ পূৱ ছিয়াং জিলাৰ মিৰেম গাঁৱে উদযাপন কৰিছে হীৰক জয়ন্তী বৰ্ষ

জোনাই,১৯ ডিচেম্বৰ: উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন অন্যতম জিলা হৈছে পূৱ ছিয়াং জিলা ৷ এই ছিয়াং জিলাৰ ৰুকচিং মহকুমাত অৱস্থিত এখন গাঁও ৷ গাঁওখনৰ নাম মিৰেম গাঁও ৷ এই গাঁওখনে আজি গৰকিলে সুদীৰ্ঘ ৭৫ টা বছৰ (Glorious 75th Years of Mirem) ৷ এই লৈ মিৰেম গাঁৱৰ ৰাইজে উদযাপন কৰিছে হীৰক জয়ন্তী বৰ্ষ ৷ ১৮ ডিচেম্বৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিছে হীৰক জয়ন্তী বৰ্ষ (Mirem village celebrates Diamond Jubilee) ।

উল্লেখ্য যে ১৯৪৭ চনৰ পৰা বসতি স্থাপন হৈছিল এই গাঁওখনত (Mirem Village) ৷ প্ৰায় ৩০০ ৰো অধিক পৰিয়ালে বসবাস কৰে মিৰেম গাঁৱত ৷ গাঁওখনে আজি ৭৫ বছৰ গৰকাত উৎফুল্লিত হৈ পৰিছে গাঁওবাসী ৷ হীৰক জয়ন্তী বর্ষ উপলক্ষ্যে গাঁওখনত আয়োজন কৰা হৈছে বৰ্ণাঢ্য কাৰ্যসূচী ৷ নৃত্য-গীত, বিভিন্ন প্ৰতিযোগিতাৰে আয়োজন কৰা হীৰক জয়ন্তী বৰ্ষ উদযাপনৰ আজি দ্বিতীয়টো দিন ৷

হীৰক জয়ন্তী বর্ষ উপলক্ষে যোৱা ৭৫ বছৰৰ ভিতৰত গাঁৱখনৰ পৰা বাহিৰত বিয়া হোৱা জীয়ৰীসকলৰ লগতে নিমন্ত্ৰণ জনাইছে জোঁৱাই সকলকো ৷ হীৰক জয়ন্তী বৰ্ষ উদযাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৩৭ নং পশ্চিম পাচিঘাট সমষ্টিৰ বিধায়ক তথা গাঁৱখনৰ জোঁৱাই নিনং ইৰিঙে । বিধায়কগৰাকী উপস্থিত থাকি কয়, "আজি এটা অতিকৈয়ে সুখৰ দিন ৷ কাৰণ মিৰেম গাঁওখনে অতিক্ৰম কৰিছে সুদীৰ্ঘ ৭৫ বছৰ ৷ এই গাঁওখনৰ লগত মোৰ অতি পুৰণি আৰু ঘনিষ্ট সম্পৰ্ক আছে ৷ কাৰণ মই এই গাঁওখনৰ জোঁৱাই বাবু ৷ মই এই গাঁওখনৰ কেৱল জোঁৱাইয়ে নহয়, মই এই গাঁওখনৰ এজন নাগৰিক ৷ কাৰণ 1971 চনত মোৰ পিতৃ পৰলোক প্ৰাপ্তি হোৱাৰ পিছৰে পৰা মই এই গাঁৱতে বসবাস কৰিছো ৷"

তেওঁ লগতে কয়,"আজি হীৰক জয়ন্তী বৰ্ষ উপলক্ষ্যে আয়োজন কৰা হৈছে এক বিশাল কাৰ্যসূচী ৷ এই কাৰ্যসূচী আয়োজন কৰা আয়োজকসকলৰ অধিকাংশই মোৰ ছাত্ৰ-ছাত্ৰী ৷ মই পঢ়ুৱা ছাত্ৰ-ছাত্ৰীj বহুতেই আজি ইঞ্জিনিয়াৰ, চিকিৎসক আৰু আৰক্ষী অধীক্ষকৰ দৰে শীৰ্ষ পদবীত অধিস্থিত হৈছে ৷ এই লৈ মই বাৰুকৈয়ে উৎফুল্লিত ৷" উল্লেখ্য যে, ১৯৪৭ চনতে স্থাপন কৰা মিৰেম গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শিক্ষয়িত্ৰী হিচাপে যোগদান কৰা অসমৰ প্ৰয়াত মনিমা বৰগোঁহাই আৰু অৰুণাচলত বি.এল.অ’ হিচাপে যোগদান কৰা তেঁওৰ স্বামী প্ৰয়াত চিবেন্দ্ৰনাথ বৰগোঁহাইৰ তিনি পুত্ৰক নিমন্ত্ৰণ কৰে হীৰক জয়ন্তী বৰ্ষ কাৰ্যসূচীত ।

প্ৰয়াত মনিমা বৰগোঁহাই আৰু প্ৰয়াত চিবেন্দ্ৰনাথ বৰগোঁহাইৰ মিৰেম গাঁৱতে জন্ম গ্ৰহণ কৰা তিনি পুত্ৰ হৈছে ক্ৰমে ডাঃ গৌৰি শংকৰ বৰগোঁহাই, অধ্যাপক অতুল বৰগোঁহাই আৰু অভিযন্তা ধ্ৰুৱজ্যোতি বৰগোঁহাই ৷ তিনি পুত্ৰই হীৰক জয়ন্তী বর্ষ উদযাপন অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই সুখী অনুভৱ কৰাৰ লগতে তাহানিৰ মিৰেম গাঁৱত থকা লৰালিৰ স্মৃতিৰ বৰ্ণনাই আবেগিক কৰি তুলে মিৰেম গাঁৱৰ ৰাইজক ।

লগতে পঢ়ক: Golden jubilee of Eksharan Bhagwati Samaj Assam : চাৰিদিনীয়া কাৰ্যসূচীৰে একশৰণ ভাগৱতী সমাজ অসমৰ প্ৰাদেশিক অধিৱেশন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.