ETV Bharat / state

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পুনৰ শীৰ্ষত ধেমাজি জিলা - Dhemaji district has topped HSLC exam

2022 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পূৰ্বৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি ৮৫.৪৬ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে বান বিধ্বস্ত ধেমাজি জিলাই (Dhemaji district has topped HSLC exam)। জিলাখনৰ মুঠ ১৩,৪৫২ গৰাকী শিক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷

dhemaji-tops-merit-list-of-assam-matriculation-examination
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পুনৰ শীৰ্ষত ধেমাজি জিলা
author img

By

Published : Jun 7, 2022, 8:16 PM IST

ধেমাজি,7 জুন: আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল (HSLC exam 2022 result) । ৮৫.৪৬ শতাংশ উত্তীৰ্ণৰ হাৰেৰে সপ্তমবাৰলৈ প্ৰথম স্থান দখল কৰিছে বান বিধ্বস্ত ধেমাজি জিলাই (Dhemaji district has topped HSLC exam), দ্বিতীয় স্থান লাভ কৰিছে ডিমা হাচাও (৮১.৩১ শতাংশ) আৰু তৃতীয় স্থান লাভ কৰিছে শিৱসাগৰ জিলা (৮১.১৭ শতাংশ) ।

এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ধেমাজি জিলাৰ ৩৪ টা পৰীক্ষা কেন্দ্ৰৰ পৰা মুঠ ১৩,৪৫২ গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল ৷ ইয়াৰ বিপৰীতে মুঠ ১১,৪৯৬ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয় ৷ ইয়াৰ ভিতৰত প্ৰথম বিভাগত ২,৭১৩ গৰাকী, দ্বিতীয় বিভাগত ৫,৬৭৪ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৩,১০৯ গৰাকী পৰীক্ষাৰ্থী ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পুনৰ শীৰ্ষত ধেমাজি জিলা

উল্লেখ্য যে, ২০১৩ , ২০১৪ , ২০১৫ , ২০১৬ , ২০১৮ আৰু ২০১৯ চনত অসমৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ধেমাজি জিলাই উত্তীৰ্ণৰ ক্ষেত্ৰত সৰ্বোচ্চ স্থান অধিকাৰ কৰা ধেমাজি জিলাই পুনৰ 2022 চনত এই স্থান অক্ষুন্ন ৰখাত সুখী অনুভৱ কৰিছে ধেমাজি জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কবিতা ডেকাই ৷

ধেমাজিৰ শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ নিৰলস চেষ্টাৰ ফলতেই এই সফলতা লাভ কৰিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰে শিক্ষা বিষয়াগৰাকীয়ে ৷

লগতে পঢ়ক : হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ ছাত্রৰ আধিপত্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.