ETV Bharat / state

Biennial Central Dhemaji Session: তেলিজানত বিহু সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় অধিৱেশনৰ লাইখুঁটা স্থাপন - Bihu in Dhemaji

অহা ২৩ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্বৰলৈ ধেমাজি তেলিজানস্থিত আন্তঃজিলা বাছ আস্থানৰ গংগাধৰ গগৈ ক্ষেত্ৰত অনুষ্ঠিত হ'ব অসমৰ অন্যতম সাংস্কৃতিক সংগঠন বিহু সুৰক্ষা সমিতিৰ ষষ্ঠ দ্বি বাৰ্ষিক কেন্দ্ৰীয় ধেমাজি অধিৱেশন (Biennial Central Dhemaji Session) ৷ এই অধিৱেশনৰ বাবে দেওবাৰে দুপৰীয়া ১২ বজাত অধিৱেশনৰ লাইখুঁটা স্থাপন কৰা হয় (Dhemaji bihu surkshya committee laikhuta set up) ৷

Dhemaji bihu surkshya committee laikhuta set up for Biennial Central Dhemaji Session
Biennial Central Dhemaji Session: তেলিজানত বিহু সুৰক্ষা সমিতি কেন্দ্ৰীয় অধিৱেশনৰ লাইখুঁটা স্থাপন
author img

By

Published : Dec 11, 2022, 7:28 PM IST

Biennial Central Dhemaji Session: তেলিজানত বিহু সুৰক্ষা সমিতি কেন্দ্ৰীয় অধিৱেশনৰ লাইখুঁটা স্থাপন

ধেমাজি, 11 ডিচেম্বৰ: ধেমাজিত আবতৰীয়া বিহু (Bihu in Dhemaji) ৷ চৌদিশে বিহুৱা, বিহুৱতী ৷ কাৰোবাৰ কান্ধত ঢোল, কাৰোবাৰ হাতত পেঁপা, কাৰোবাৰ হাতত আকৌ গগণা, মুহূৰ্ততে জুৰিলে বিহুনাম ৷ বিহুৱতীৰ মুখে মুখে জাত জাত বিহু নাম ৷ ঢোল পেঁপাৰ শব্দত মুখৰিত হৈ পৰিল চৌদিশ ৷ যেন ৰঙালী বিহুৰ বাকৰি ! এনে উন্মনা পৰিৱশতে ককাঁল ঘূৰাই নাচিলে উপস্থিত লোকসকলে ৷

বিহুলৈ আৰু কেইবামাহো থকাৰ পিছতো এই আবতৰীয়া বিহুৰ পৰিৱেশ ধেমাজিৰ ৷ অহা ২৩ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্বৰলৈ ধেমাজি তেলিজানস্থিত আন্তঃজিলা বাছ আস্থানৰ গংগাধৰ গগৈ ক্ষেত্ৰত অনুষ্ঠিত হ'ব অসমৰ অন্যতম সাংস্কৃতিক সংগঠন বিহু সুৰক্ষা সমিতিৰ ষষ্ঠ দ্বি বাৰ্ষিক কেন্দ্ৰীয় ধেমাজি অধিৱেশন (Biennial Central Dhemaji Session) ৷ এই অধিৱেশনৰ বাবে দেওবাৰে দুপৰীয়া ১২ বজাত অধিৱেশনৰ লাইখুঁটা স্থাপন কৰা হয় (Dhemaji bihu surkshya committee laikhuta set up) ৷

অনুষ্ঠানত এনেদৰে জাত জাত বিহু নাম আৰু ঢোল, পেঁপা শব্দত মুখৰিত হৈ পৰে চৌদিশ ৷ উল্লেখযোগ্য যে গায়ন-বায়নৰ শব্দত এক পবিত্ৰ মাংগলিক পৰিৱেশত এই কেন্দ্ৰীয় অধিৱেশনৰ লাইখুঁটা স্থাপন কৰে বিহু সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পবিত্ৰ মহন ফুকনে ৷ অনুষ্ঠানত বিহু সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ লগতে ধেমাজিৰ বহুসংখ্যক বিহুপ্ৰেমী ৰাইজে অংশগ্ৰহণ কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷

লগতে পঢ়ক: Satra Land Enchrochment in Barpeta: বৰপেটাত সত্ৰৰ ভূমি বেদখল বিজেপি নেতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.