ETV Bharat / state

দেপিনৈৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে জোনাইৰ মিলনপুৰত - নৈৰ বুকুত বিলীন হ'ব মিলনপুৰ অঞ্চল

ধেমাজি জিলাৰ জোনাই মহকুমাৰ চিগা গাওঁ পঞ্চায়তৰ অন্তৰ্গত দুই নং মিলনপুৰৰ ৰাইজৰ নিদ্ৰাহৰণ কৰিছে দেপি নৈয়ে ৷ ইখনৰ পিছত সিখন চৰকাৰে দেপি নৈৰ খহনীয়া সমস্যা সমাধান কৰিব নোৱাৰাত সম্প্ৰতি অঞ্চলটোৰ ভৱিষ্যতলৈ নামি আহিছে ভাবুকি ৷

depi-rivers-erosion-creating-havoc-in-jonai
দেপিনৈৰ গৰাখহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে জোনাইৰ মিলনপুৰত
author img

By

Published : Jun 13, 2021, 2:35 PM IST

জোনাই, 13 জুন: নিৰ্বাচনৰ পিছত নিৰ্বাচন আহিল, ইখনৰ পিছত সিখন চৰকাৰ আহিল আৰু গ’ল ৷ কিন্তু দেপি নৈৰ খহনীয়া আজিও সমাধান নহ'ল ৷ অৰুণাচল প্ৰদেশৰ পৰা অসমলৈ বৈ অহা দেপি নৈয়ে বাৰিষাৰ আগমনৰ লগে লগে কাল ৰূপ ধাৰণ কৰে জোনাই মহকুমা(jonai subdivision)ৰ মিলনপুৰ অঞ্চলত ৷

দেপিনৈৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে জোনাইৰ মিলনপুৰত

অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা নৈখনে প্ৰত্যেক বছৰে বাৰিষাৰ আগমনৰ লগে লগে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ ফলত অঞ্চলটোৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান, ঘৰ-বাৰীকে ধৰি হাজাৰ হাজাৰ বিঘা কৃষি ভূমি, বাট-পথ নৈৰ বুকুত বিলীন হৈছে ৷ কিন্তু আজিও এই সন্দৰ্ভত কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধিৰ ৷ নিৰ্বাচনৰ সময়ত সাংসদ, বিধায়ক, জন প্ৰতিনিধি আহে আৰু যায় ৷ দেপি নৈৰ গৰা খহনীয়াৰ স্থায়ী সমাধানৰ সলনি আশ্বাসৰ মাজতে সীমাবদ্ধ হৈ ৰ’ল ৷

ইপিনে, বাৰিষাৰ আগমনত ত্ৰাসিত হৈ উঠা অঞ্চলটোৰ ৰাইজে দাবী জনাইছে যে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই বাৰিষাৰ পূৰ্বে গাইড বান্ধ নিৰ্মাণ কৰি অঞ্চলটোক খহনীয়াৰ পৰা মুক্ত কৰাৰ ব্যৱস্থা কৰক ৷ ইয়াৰ অন্যথা এদিন নৈৰ বুকুত বিলীন হ'ব মিলনপুৰ অঞ্চল ৷

লগতে পঢ়ক : ৰজাবাৰী চাহ বাগিচাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.