ETV Bharat / state

জোনাইত গৰাখহনীয়া প্ৰতিৰোধৰ অপ্ৰাণ চেষ্টা কংগ্ৰেছ কৰ্মীৰ

জোনাইত দেবৌং দেতাগ নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবে বাঁহেৰেই নিৰ্মাণ কৰে পাৰ্কুপাইন ৷ ইতিমধ্যে নৈ খনত জাহ যায় বহু লোকৰ ঘৰ দুৱাৰৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষি ভূমি ৷

author img

By

Published : Jul 21, 2020, 5:33 PM IST

Congress Members Trying To Stop Erision In Jonai
জোনাইত গৰাখহনীয়া প্ৰতিৰোধৰ অপ্ৰাণ চেষ্টা কংগ্ৰেছ কৰ্মীৰ

জোনাই,21 জুলাইঃ জোনাইত দেবৌং দেতাক নদীৰ গৰাখহনীয়াই ইতিমধ্যে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ মূর্কংচেলেক ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত ন নৈ খনৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বাঁহৰ পাৰ্কুপাইন নিৰ্মাণ কৰে ৷

ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে জোনাইতো এতিয়া ভয়ংকৰ হৈ পৰিছে বান পৰিস্থিতি ৷ জোনাই সমষ্টিৰ অন্তৰ্গত চিগা গাঁও পঞ্চায়তৰ চিংগাপুৰত দেবৌং দেতাগ নদীৰ গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে ৷ চৰকাৰ প্ৰশাসনলৈ বাট নেচাই কংগ্ৰেছ কৰ্মীৰ শ্ৰমদানেৰে সোমবাৰে মূর্কংচেলেক ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু মূর্কং চেলেক ব্লক যুৱ কংগ্ৰেছ সহযোগত স্থানীয় ৰাইজে চিগা গাঁও পঞ্চায়তৰ অন্তর্গত দেপি নদীৰ গৰা খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে বাঁহেৰে পাৰ্কপাইন নিৰ্মাণ কৰে ।

লগতে উক্ত নদীৰ তাণ্ডৱত ক্ষতি সাধন হোৱা বানাক্ৰান্ত লোকসকলৰ ঘৰ-দুৱাৰ পুনৰ স্থাপনৰ বাবে শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবছৰে সমগ্ৰ অঞ্চলটোত এই নদীখনে সৃষ্টি কৰা ধ্বংস লীলাৰ স্থায়ী সমাধানৰ বাবে চৰকাৰক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে আহ্বান জনায় । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুৰ্কংচেলেক ব্লক কংগ্ৰেছ সভাপতি সঞ্জয় পেগু ,জিলা যুৱ কংগ্ৰেছ কমিটি সাধাৰণ সম্পাদক বিজু পেগু,ৰাজীৱ পেগু,মুৰ্কংচেলেক ব্লক যুৱ কংগ্ৰেছ সভাপতি হিতেশ পেগু,অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সুশীল পেগুৰ লগতে বহু দলীয় সদস্য ৷

লগতে পঢ়ক- বৰপেটাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.