ETV Bharat / state

জোনাই ৰাজহ চক্ৰ কাৰ্যালয়ত ব্যাপক অনিময় সংঘটিত হোৱাৰ অভিযোগ - corruption

ৰাজহ আদালতত প্ৰিমিয়াম জমা দিয়া তেলাম লাটৰ তিনিকুৰি কৃষকে আঢ়ৈটা বছৰে লাভ কৰা নাই ভূমিৰ ম্যাদী পট্টা ৷ অতিৰিক্ত উপায়ুক্তৰ নিৰ্দেশনাক কেৰেপ নকৰে জোনাই ৰাজহ বিভাগৰ মণ্ডল, কৰ্মচাৰীয়ে ৷ শীঘ্ৰে ভূমি পট্টা প্ৰদানৰ দাবী জনাইছে ভুক্তভোগী কৃষককে ৷

allegations-of-corruption-at-jonai-revenue-cycle-office
জোনাই ৰাজহ চক্ৰ কাৰ্যালয়ত ব্যাপক অনিময় সংঘটিত হোৱাৰ অভিযোগ
author img

By

Published : Jul 23, 2021, 7:44 PM IST

জোনাই, ২৩ জুলাই : জোনাই ৰাজহ চক্ৰ বিষয়াৰ (jonai circle office) কাৰ্যলয়ত দীৰ্ঘদিন ধৰি দুৰ্নীতি-অনিয় সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হৈছে । যাৰ ফলত আবেদন কৰিও বছৰ বছৰ ধৰি জোনাই ৰাজহ চক্ৰৰ কৃষক ৰাইজে বঞ্চিত হৈ আহিছে ভূমি পট্টা লাভৰ পৰা । উল্লেখযোগ্য যে, যোৱা ২০১৮ চনৰ ৪ ছেপ্টেম্বৰত জোনাই ৰাজহ চক্ৰৰ তেলাম লাটৰ ১ নং বৰআটি গাঁৱৰ সাংস্কৃতিক গৃহত এখন ৰাজহ আদালত অনুষ্ঠিত হয় । উক্ত ৰাজহ আদালতৰ জৰিয়তে তেলাম লাটৰ ১ নং, ২ নং, ৩ নং বৰআটি, কেমেৰে বৰদণ্ডী গাঁৱৰ ৬৩ গৰাকী কৃষক পৰিয়ালে একচনাৰ পৰা ম্যাদী পট্টা পাবলৈ আবেদন দিয়াৰ লগতে প্ৰিমিয়াম টকা জমা দিয়ে ।

জোনাই ৰাজহ চক্ৰ কাৰ্যালয়ত ব্যাপক অনিময় সংঘটিত হোৱাৰ অভিযোগ

প্ৰিমিয়াম জমা দিয়াৰ ওপৰিও ভূমি ম্যাদী কৰাৰ নামত সাত আঠ হাজাৰ টকা পৰ্যন্ত তেলাম লাটৰ সেই সময়ৰ তদানীন্তন মণ্ডল আৰু জোনাই ৰাজহ চক্ৰৰ উচ্চ বৰ্গ কৰ্মচাৰী গোবিৰাম কুম্বাঙে কৃষক পৰিয়াল সমূহৰ পৰা লয় বুলি ভুক্তভোগী ৰাইজে উল্লেখ কৰিছে । তাৰ পাছতে ৰাইজে পট্টা বিচাৰি বাৰম্বাৰ জোনাই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যলয়ৰ (jonai circle office) মণ্ডল, কৰ্মচাৰীক অনুৰোধ জনাই আহিছে যদিও আজি পৰ্যন্ত কোনো কাণসাৰ নিদিলে কৰ্মচাৰী সকলে ।

পৰিতাপৰ বিষয় যে, আজি আঢ়ৈটা বছৰ পাৰ হোৱাৰ পাছতো তেলাম লাটৰ কৃষক পৰিয়াল সমূহে পট্টা লাভৰ পৰা বঞ্চিত হৈ আছে । উপায়ন্তৰ হৈ যোৱা ৪ মে' ২০২১ তাৰিখে এই বিষয়ে অৱগত কৰি ধেমাজি জিলা উপায়ুক্তৰ (dhemaji district deputy commissioner) হস্তক্ষেপ বিচাৰি আবেদন কৰে ভুক্তভোগী ৰাইজে । ধেমাজি জিলাৰ (dhmaji district) অতিৰিক্ত উপায়ুক্ত উৎপল দলেই বিষয়টো সমাধান কৰিবলৈ জোনাই ৰাজহ চক্ৰ বিষয়া কৰ্মচাৰীক নিৰ্দেশ দিয়ে যদিও কোনো গুৰুত্ব আৰোপ কৰা নাই বুলি ৰাইজে অভিযোগ উত্থাপিত কৰিছে ।

উল্লেখযোগ্য যে, তেলাম লাটৰ মণ্ডলগৰাকী তেলামত ৰাজহ আদালত বহাৰ কিছুদিন পাছতে চিচিবৰ গাঁৱলৈ বদলি হৈ বৰ্তমান জোনাই লাটত কৰ্মৰত হৈ আছে । আনহাতে, জোনাই ৰাজহ চক্ৰ বিষয়া কাৰ্যলয়ৰ তদানীন্তন উচ্চ বৰ্গৰ কৰ্মচাৰীগৰাকী জোনাই মহকুমাধিপতি কাৰ্যলয়লৈ বদলি হৈ যায় । এনে পৰিস্থিতিত বৰ্তমানৰ তেলাম লাটৰ মণ্ডল আৰু বিভাগৰ আন কৰ্মচাৰীয়ে বিষয়টো কাৰ্যকৰী কৰিবলৈ অপাৰগতা প্ৰকাশ কৰিছে বুলি জানিব পৰা গৈছে ।

মন কৰিবলগীয়া যে, জোনাই ৰাজহ চক্ৰৰ মণ্ডলৰ বিৰুদ্ধে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ উপৰি ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত উৎপল দলেই পুনৰ বিষয়টো সন্দৰ্ভত তৎকালীনভাৱে যাৱতীয় ব্যৱস্থা হাতত ল'বলৈ নিৰ্দেশ দিয়াৰ ফলস্বৰূপে কম দিনৰ ভিতৰত তেলাম লাটৰ কৃষক সকলক পট্টা প্ৰদানৰ পদক্ষেপ ল’ব বুলি জনায় জোনাই ৰাজহ চক্ৰ বিষয়াই । শুকুৰবাৰে পুনৰ নৱ নিযুক্ত জোনাই ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক বিষয়টো তৎকালীনভাৱে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভুক্তভোগী ৰাইজে আবেদন জনোৱা দেখা গৈছে ।

লগতে পঢ়কঃ অসম প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি হ’ব প্ৰদ্যুৎ বৰদলৈ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.