ETV Bharat / state

5 বজাৰ শীৰ্ষ দহটা বাতৰি...

5 বজাৰ শীৰ্ষ দহটা বাতৰি...

5 বজাৰ শীৰ্ষ দহটা বাতৰি
5 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Oct 5, 2021, 4:57 PM IST

উত্তৰ প্ৰদেশৰ লখিমপুৰ কাণ্ডৰ বিৰুদ্ধে বৰপেটাত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

উত্তৰ প্ৰদেশৰ লখিমপুৰ জিলাৰ খেৰীত প্ৰতিবাদী কৃষকৰ ওপৰত গাড়ী চলাই ৫ জনকৈ কৃষকক হত্যা কৰা ঘটনাক লৈ এতিয়া উত্তাল সমগ্ৰ দেশ ৷ ঘটনাৰ মূল অভিযুক্ত কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰক গ্ৰেপ্তাৰৰ দাবীত মঙলবাৰে বৰপেটা প্ৰতিবাদ জিলা কংগ্ৰেছৰ ৷

বেদখলৰ কবলত টীয়কৰ একমাত্ৰ ললিত ৰাজখোৱা সোৱঁৰণী মিনি ষ্টেডিয়াম

এইবাৰ খেলপথাৰত চলিছে বেদখল ৷ টীয়কৰ ললিত চন্দ্ৰ ৰাজখোৱা সোঁৱৰণি মিনি ষ্টেডিয়াম আৰু খেলপথাৰৰ মুঠ ২৫ বিঘা মাটিৰ ১৩ বিঘাই একাংশ লোকে বেদখল কৰি চাহ বাগিচা স্থাপন কৰিছে । এইক্ষেত্ৰত স্থানীয় বিধায়িকা ৰেণুপমা ৰাজখোৱাক তেওঁৰ স্বামীৰ নামত থকা খেলপথাৰখন বেদখলৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷

জীয়াঢ়লত সন্ধানহীন এজনৰ মৃতদেহ উদ্ধাৰ

জীয়াঢল নদীত সন্ধানহীন হোৱা দীনেশ্বৰ মিলি মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ এতিয়াও প্ৰদীপ নৰহ, শৈল্যৰাম পায়েঙৰ সন্ধান লাভ কৰা নাই SDRF বাহিনীয়ে ৷

পি এম কিষাণ আচঁনিৰ ধনেৰে অসমত কোনে গঢ়িলে সম্পত্তিৰ পাহাৰ ?

ধিঙত পি এম কিষাণ আচঁনিৰ নামত সংঘটিত কোটি টকীয়া কেলেংকাৰী ৷ পিএছপিৰ স্বত্বাধিকাৰীয়ে কেনেদৰে গঢ়িলে সম্পত্তিৰ পাহাৰ ৷

লক্ষীমন ধৰ্মৰ বাৰ্ষিক আধ্যাত্মিক সমাৰোহত মুখ্যমন্ত্ৰী

বোকাখাটৰ লক্ষীমন ধৰ্মৰ বাৰ্ষিক আধ্যাত্মিক সমাৰোহত মঙলবাৰে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । অনুষ্ঠানত অসম বিধানসভাৰ উপাধ্যক্ষ তথা বোকাজান সমষ্টিৰ বিধায়ক ডাঃ নোমল মমিন, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং, নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকে ।

প্ৰিয়ংকা গান্ধীৰ মুক্তিৰ দাবীত যোৰহাটত কংগ্ৰেছৰ প্ৰতিবাদ

ত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰিত সংঘটিত হিংসাত্মক ঘটনাত মৃত্যু হোৱা লোকৰ খবৰ ল’বলৈ গৈ আটক হয় কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৷ তেওঁৰ মুক্তিৰ দাবীত সমগ্ৰ দেশৰ লগতে যোৰহাটতো কংগ্ৰেছ দলে মঙলবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

৭৫ গৰাকী যুৱতীক বিয়া পাতি কি কৰিলে বাংলাদেশৰ মুনিৰে ?

মধ্যপ্ৰদেশ আৰক্ষীৰ জালত এজন বিশেষ অপৰাধী । এজনী দুজনী নহয় ৭৫ গৰাকী যুৱতীক বিয়া পাতিছে অপৰাধী মুনিৰ ওৰফে মুনিৰুলে । পিছে ইমান গৰাকী যুৱতীক বিয়া পতাৰ উদ্দেশ্য কি আছিল মুনিৰৰ ?

অভিনেতা আদিল হুছেইনলৈ জন্মদিনৰ শুভেচ্ছা

58 বছৰ বয়সত ভৰি দিলে অসম সন্তান তথা বলীউডৰ অভিনেতা আদিল হুছেইন(Adil Hussain)য়ে ৷ 7 বছৰ বয়সৰ পৰাই অভিনয়ৰ যাত্ৰা আৰম্ভ কৰা আদিল হুছেইনে অভিনেতা হিচাপে লাভ কৰা সফলতাৰ চমু অৱলেকন...

খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত লোকৰ অনুসূচিত জাতি মৰ্যাদা কৰ্তনৰ দাবী

নিজৰ ধৰ্ম ত্যাগ কৰি খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা লোকৰ অনুসূচিত জাতিৰ মৰ্যাদা কৰ্তনৰ দাবী জনাইছে সদৌ অসম গণ জাগৰণ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে । মঙলবাৰে নাৰায়ণপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি সদৌ অসম গণ জাগৰণ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে এই দাবী উত্থাপন কৰে । সংবাদমেলত সংগঠনটোৱে কেইবাটাও দাবী উত্থাপন কৰে ।

বেঁকী নৈৰ গৰাখহনীয়াৰ কবলত কলগাছিয়াৰ গড়কাপ্তানী পথ

বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত আমগুৰী গাঁৱত বেঁকী নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে । গৰাখহনীয়াৰ ফলত বিগত চাৰিমাহত অঞ্চলটোত প্ৰায় অৰ্ধ শতাধিক পৰিয়ালে নিজৰ ঘৰ-বাৰী হেৰুৱাইছে । ইয়াৰ মাজতে সোমবাৰে নিশা অহা ধাৰাসাৰ বৰষুণৰ ফলত কলগাছিয়াৰ পৰা আমগুৰি হৈ বৰপেটালৈ যোৱা গড়কাপ্তানী পথলৈও আহিছে চৰম ভাবুকি ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.