দৰং,11 মাৰ্চ: দৰং জিলাৰ 66 নং ছিপাঝাৰ সমষ্টিৰ পৰা বৃহস্পতিবাৰে মনোনয়ন দাখিল কৰিলে বিজেপি প্ৰাৰ্থী পৰমানন্দ ৰাজবংশীয়ে ৷ মনোনয়ন দাখিলৰ বাবে দলীয় কৰ্মীসকলে ছিপাঝাৰ একাডেমী খেলপথাৰৰ পৰা উলিওৱা নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰে ৰাজবংশীয়ে ৷
উক্ত ৰেলীত পৰমানন্দ ৰাজবংশীক সংগ দিয়ে বিজেপিৰ ৰাষ্ট্ৰীয় প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ কুমাৰ শইকীয়া, ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী অপৰাজিতা ভূঞা, সংখ্যালঘু মৰ্চাৰ মমিনুল আৱাল আৰু বহু দলীয় নেতৃবৃন্দই ৷
মঙলদৈ উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰাৰ পাচত সাংবাদিকক সম্বোধন কৰি বিজেপি প্ৰাৰ্থী পৰমানন্দ ৰাজবংশীয়ে কয় যে, দৰঙৰ কলা-সংস্কৃতিৰ দিশটোত গুৰুত্ব দিয়াৰ লগতে ব্ৰহ্মপুত্ৰৰ ওপৰেৰে হ’বলগীয়া গুৱাহাটী সংযোগী দলংখনৰ পৰা দৰঙীয়াসকলৰ হ’বলগীয়া সুবিধাৰ কথা ব্যক্ত কৰে বিজেপি প্ৰাৰ্থী গৰাকীয়ে ৷
লগতে পঢ়ক : সৰিয়হৰ ডুলিতে ভূত: আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ আৰক্ষী