ETV Bharat / state

গড়চুক বজাৰৰ বিৰুদ্ধে দৰঙত ক্ষুদ্ৰ ব্যৱসায়ীৰ প্ৰতিবাদ

দৰঙত শতাধিক ক্ষুদ্ৰ ব্যৱসায়ীৰ প্ৰতিবাদ ৷ গড়চুক বজাৰৰ নতুন বিষয়াৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷ কৃষিমন্ত্ৰী আৰু যোগান মন্ত্ৰীৰ সহায় বিচাৰিছে ক্ষুদ্ৰ ব্যৱসায়ী সকলে ৷

author img

By

Published : Sep 14, 2020, 10:52 PM IST

Massive Protest In Darrang
গড়চুক বজাৰৰ বিৰুদ্ধে দৰঙত ক্ষুদ্ৰ ব্যৱসায়ীৰ প্ৰতিবাদ

দৰং, 14 ছেপ্তেম্বৰ : সোমবাৰে দৰঙৰ বেছিমাৰীত ক্ষুদ্ৰ ব্যৱসায়ী সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ক্ষুদ্ৰ ব্যৱসায়ী সকলে গুৱাহাটীস্থিত গড়চুক বজাৰত সামগ্ৰী বিক্ৰী কৰিবলৈ যোৱাত বজাৰৰ ইনচাৰ্জে অপমান কৰি উক্ত স্থানত সামগ্ৰী বিক্ৰী কৰাৰ বাধা প্ৰদান কৰাৰ বাবে এই প্ৰতিবাদ সাব্যস্ত কৰে ব্যৱসায়ী সকলে ৷

দৰং জিলাৰ বেছিমাৰী,বালুগাঁও,ফকিৰ পাৰাৰ ক্ষুদ্ৰ ব্যবসায়ী সকলে গুৱাহাটীস্থিত গড়চুক বজাৰত সামগ্ৰী বিক্ৰী কৰি পৰিয়াল পোহপাল দি আহিছিল ৷ হঠাৎ চাৰি-পাঁচ দিন মান আগত গড়চুক বজাৰৰ ইনচাৰ্জ গৰাকীয়ে উল্লেখিত এলেকাৰ ব্যৱসায়ী সকলক সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব বুলি কৈ অপমান কৰি বজাৰৰ পৰা উলিয়াই দিয়ে বুলি তেওঁলোকে অভিযোগ প্ৰদান কৰিছে ৷

জানিব পৰা মতে, 10 বছৰ মান আগত এই ক্ষুদ্ৰ ব্যবসায়ী সকলে গুৱাহাটীৰ মাছখোৱাত ব্যৱসায় কৰি আহিছিল যদিও গড়চুক বজাৰৰ বিষয়ববীয়া সকলে গড়চুকলৈ লৈ যোৱা বুলি উল্লেখ কৰে ৷ কিন্তু হঠাৎ গড়চুক বজাৰৰ নতুন ইনচাৰ্জ গৰাকীয়ে তেওঁলোকক সামগ্ৰী বিক্ৰী কৰিব বাধা দিয়াত বৰ্তমান প্ৰতিবাদমুখৰ হৈ পৰিছে কৃষক সকল ৷

লগতে পঢ়ক : জোনাইত চিত্তৰঞ্জন বসুমতাৰীক আনুষ্ঠানিক বিদায় দল-সংগঠনৰ

কৃষক সকলে আকৌ জনোৱা অনুসৰি, দলগাঁও অঞ্চলৰ ব্যবসায়ী সকলে গড়চুক বজাৰত সামগ্ৰী লৈ যাব পাৰিব ঠিকেই কিন্তু সামগ্ৰীখিনি তেওঁলোকে তাত নিজে বিক্ৰী কৰিব নোৱাৰিব ৷ তাত থকা দোকানী সকলক সামগ্ৰীখিনি বিক্ৰীৰ বাবে ক্ষুদ্ৰ ব্যবসায় সকলে দিব লাগিব আৰু তাৰে ব্যৱসায়ী সকলে সামগ্ৰী বিক্ৰী কৰি তেওঁলোকক সামগ্ৰীৰ টকাখিনি দিব ৷

আনহাতে ব্যৱসায়ী সকলৰ অভিযোগ অনুসৰি, গড়চুক বজাৰত ছিণ্ডিকেট ৰাজ চলি আছে ৷ এইক্ষেত্ৰত বেছিমাৰী,বালুগাঁও,ফকিৰপাৰা গাঁৱৰ ব্যৱসায়ী সকলে গুৱাহাটীৰ গড়চুক বজাৰত সামগ্ৰী লৈ যোৱা বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰি বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে বেছিমাৰীৰ আকাশ বতাহ কপাই তোলে ৷ এইক্ষেত্ৰত ব্যৱসায়ী সকলে কৃষি মন্ত্ৰী অতুল বৰা আৰু যোগান মন্ত্ৰীক অচিৰেই গড়চুক বজাৰত ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ বাবে ঠাই উলিয়াই দিবলৈ অনুৰোধ জনাইছে ৷

লগতে পঢ়ক : তিনিচুকীয়া আৰক্ষীৰ জালত ব্ৰাউন চুগাৰসহ দুই সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.