ETV Bharat / state

আদৰ্শ গঢ়ি তোলা দৰঙৰ এখন আদৰ্শ চিকিৎসালয় - দৰং জিলা

স্থানীয় লোকৰ মাজত এক আদৰ্শ গঢ়ি তুলিছে দৰং জিলাৰ দুনীস্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ে ৷ কৰ'ণা মহামাৰীৰ প্ৰত্যাহ্বন, চিকিৎসা কৰ্মীৰ অভাৱ,সৰঞ্জামৰ অভাৱ থকা সত্বেও চিকিৎসালয় খনত প্ৰসূতি ক্ষেত্ৰত লৈ অহা হৈছে বিশেষ যত্ন ৷

mahatma gandhi modal hospital is a ideal for all local people in darrang

author img

By

Published : Jul 10, 2020, 2:19 PM IST

Updated : Jul 10, 2020, 3:00 PM IST

দৰং, 10 জুলাইঃ দৰং জিলাৰ দুনীস্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় ৷ সঁচাকৈয়ে চিকিৎসালয় খনে এক আদৰ্শ গঢ়ি তুলিছে সকলোৰে মাজত ৷ প্ৰসূতি সকলৰ ক্ষেত্ৰত এই চিকিৎসালয় কৰ্তৃপক্ষই প্ৰদান কৰি আহিছে বিশেষ সুৰক্ষা তথা যত্ন ৷ চিকিৎসালয় খনত এটা কোৱাৰেমণ্টাইন কেন্দ্ৰ থকাৰ পিচতো তেওঁলোকে অতি যত্নৰে কৰ'ণা মহামাৰীৰ কোনো প্ৰভাৱ নপৰাকৈয়ে প্ৰসূতি সকলৰ সুকলমে প্ৰসৱ কৰাই আহিছে ৷ প্ৰতিদিনে প্ৰায় 30ৰ পৰা 40 গৰাকীকৈ প্ৰসূতি মহিলা আহে চিকিৎসালয় খনত ৷ চিকিৎসককে ধৰি চিকিৎসালয়খনৰ সকলো স্বাস্থ্য কৰ্মীয়েই বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি আহিছে প্ৰসূতি সকলক ৷ কৰ'ণা মহামাৰীৰ এনে সময়ত ই এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে যদিও পাৰ্যমানে প্ৰসূতিৰ সুৰক্ষাত গুৰুত্ব প্ৰদান কৰি আহিছে স্বাস্থ্য কৰ্মী সকলে ৷ কিয়নো সেই গ্ৰাম্য অঞ্চলৰ সকলো প্ৰসূতিয়েই নিৰ্ভৰ কৰি আহিছে এইখন চিকিৎসালয়ৰ ওপৰতে ৷ যিহেতু গ্ৰামাঞ্চলৰ সকলো লোক তৎক্ষণাৎ আন ঠাইলৈ যাব নোৱাৰে সেয়ে এই চিকিৎসালয়ত পাৰ্যমানে তেওঁলোকক সেৱা আগবঢ়াই আহিছে ৷

আদৰ্শ গঢ়ি তোলা দৰঙৰ এখন আদৰ্শ চিকিৎসালয়

কিন্তু ইয়াৰ মাজতো যথেষ্ট সমস্যাৰ সৃষ্টি হৈ আহিছে দুনীস্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ৷ প্ৰসূতি বিভাগৰ কৰ্মীৰ অভাৱ চিকিৎসালয় খনত ৷ বিশেষকৈ চাফাই কৰ্মীৰ ক্ষেত্ৰত অভাৱ হৈ আহিছে মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ৷ বাহিৰৰ পৰা মানুহ আনি আনি পৰিস্কাৰ কৰিবলৈ দিয়া হয় প্ৰসূতি বিভাগ ৷ সপ্তাহৰ তিনিটা দিনত আন চিকিৎসালৰ পৰা অনা লোকক বেতন প্ৰদান কৰি ব্যৱস্থা কৰা হয় বিভাগটোৰ পৰিস্কাৰৰ বাবে ৷ লগতে এনাস্থেছিয়াৰো অভাৱ চিকিৎসালয় খনত ৷ জৰুৰীকালীন অৱস্থাতো আন চিকিৎসালয়ৰ পৰা অনা এনাস্থেছিয়া প্ৰয়োগ কৰিবলগীয়া হয় প্ৰসূতিক ৷ ইয়াৰোপৰি আন আন সহকাৰী স্বাস্থ্য কৰ্মীৰ লগতে পৰীক্ষাগাৰৰ অভাৱে সমস্যাৰ সৃষ্টি কৰি আহিছে চিকিৎসালয় খনত ৷ তথাপিও আন স্থানৰ পৰা লোক আনি হ'লেও প্ৰসূতিক উচিত চিকিৎসা প্ৰদান কৰি অহা হৈছে চিকিৎসালয় খনত ৷

লগতে পঢ়কঃ কাছাৰত পুনৰ ক'ৰণাত আক্ৰান্ত তিনিজন

Last Updated : Jul 10, 2020, 3:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.