ETV Bharat / state

পদ্মশ্ৰী বঁটা প্ৰাপক ডঃ ইলিয়াছ আলী আৰু অংকুৰজ্যোতি কলিতাক সম্বৰ্ধনা - assam

অসাধাৰণ প্ৰতিভাৰ পৰিচয় দাঙি ধৰি পদ্মশ্ৰী সন্মান লাভ কৰিবলৈ সক্ষম হোৱা প্ৰখ্যাত চিকিৎসক তথা বিশিষ্ট লেখকগৰাকীক পশ্চিম দৰঙৰ আঞ্চলিক ৰাইজ আৰু 20 টাকৈ অধিক অনু্ষ্ঠান-প্ৰতিষ্ঠানে একেলগ হৈ শনিবাৰে সম্বৰ্ধনা জনায় ৷ লগতে আয়নবল বিশ্বকাপত ভাৰতীয় দলৰ হৈ ৰানাৰ্ছআপৰ খিতাপ লাভ কৰি দৰঙলৈ গৌৰৱ কঢ়িয়াই অনা কমাৰগাঁৱৰ অংকুৰজ্যোতি কলিতাকো সম্বৰ্ধনা জনোৱা হয় ৷

ডঃ ইলিয়াছ আলীক সম্বৰ্ধনা
author img

By

Published : Apr 21, 2019, 4:26 PM IST

দৰং, 21 এপ্ৰিল : পদ্মশ্ৰী প্ৰাপক ডঃ ইলিয়াছ আলীক সম্বৰ্ধনা ৷ দৰঙৰ দিপীলাৰ এখন ভিতৰুৱা গাঁও ঘোপেলীত জন্মগ্ৰহণ কৰি অসাধাৰণ প্ৰতিভাৰ পৰিচয় দাঙি ধৰি পদ্মশ্ৰী সন্মান লাভ কৰিবলৈ সক্ষম হোৱা প্ৰখ্যাত চিকিৎসক তথা বিশিষ্ট লেখকগৰাকীক পশ্চিম দৰঙৰ আঞ্চলিক ৰাইজ আৰু 20 টাকৈ অধিক অনু্ষ্ঠান-প্ৰতিষ্ঠানে একেলগ হৈ শনিবাৰে সম্বৰ্ধনা জনায় ৷ দিপীলাৰ জ্ঞানদীপ একাডেমী প্ৰেক্ষাগৃহত আয়োজিক এক সভাত গামোছা , চেলেং , জাপি , কিতাপৰ টোপোলা , শৰাই আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় বিশিষ্ট চিকিৎসকগৰাকীক ৷

ডঃ ইলিয়াছ আলীক সম্বৰ্ধনা

ইপিনে উক্ত অনুষ্ঠানতে আফ্ৰিকাৰ মৰক্কোত সদ্য অনুষ্ঠিত আয়নবল বিশ্বকাপত ভাৰতীয় দলৰ হৈ ৰানাৰ্ছআপৰ খিতাপ লাভ কৰি দৰঙলৈ গৌৰৱ কঢ়িয়াই অনা কমাৰগাঁৱৰ অংকুৰজ্যোতি কলিতাকো সম্বৰ্ধনা জনোৱা হয় ৷ দুয়োগৰাকী দৰং সন্তানে ভাৰত তথা অসমলৈ কঢ়িয়াই অনা এই সন্মানক লৈ উৎফুল্লিত পশ্চিম দৰংবাসী ৰাইজ ৷

A_DARRANG_21APL_802_ILIAS ALI【FTP】

Slug------ পদ্মশ্ৰী প্ৰাপক ডা° ইলিয়াছ আলি আৰু আয়নবল বিশ্বকাপত ৰানাৰ্চআপ বিজয়ী অংকুৰজ্যোতি কলিতাক সম্বদ্ধনা ৷

V/O ----দৰঙৰ দিপীলাৰ এখন ভিতৰুৱা গাঁও ঘোপেলীত জন্ম গ্ৰহন কৰি অসামান্য প্ৰতিভা, কৰ্মদক্ষতা আৰু চিকিৎসা বিজ্ঞানৰ বিশাল পৰিসৰত সেৱা আগবঢ়াই অহা মানৱ দৰদী প্ৰখ্যাত চিকিৎসক , বিশিষ্ট লেখক , জন বিস্ফোৰন বিৰোধী আন্দোলনৰ অক্লান্ত সেনানী অধ্যাপক ডা° ইলিয়াছ আলিক শেহতীয়া ভাৱে ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিলে ৷ তাৰ বাবে বিৰল স্বীকৃতি লাভ কৰা অধ্যাপক ডা° ইলিয়াছ আলিক পশ্চিম দৰঙৰ আঞ্চলিক ৰাইজ আৰু কুৰিটাতকৈ অধিক অনুস্থান প্ৰতিষ্ঠানে শনিবাৰে দিপীলাৰ  জ্ঞানদীপ একাডেমী প্ৰেক্ষাগৃহত জাতীয় বস্ত্ৰ গামোছা , চেলেং , জাপি , কিতাপৰ টোপোলা , শৰাই আৰু মানপত্ৰৰে সম্বদ্ধনা জনোৱা হয় ৷ সেইউপলক্ষে বিশিষ্ট লেখক কমলাকান্ত ডেকাৰ সঞ্চালনাত অনুস্থিত সম্বদ্ধনা সভাখনি উদ্বোধন কৰে বিশিষ্ট কবি, চিকিৎসক ডা° কমলাকান্ত শৰ্মাই ৷ আনহাতে আফ্ৰিকাৰ মৰক্কোত সদ্য অনুস্থিত হোৱা আয়নবল বিশ্বকাপত ভাৰতীয় দলৰ হৈ ৰানাৰ্ছআপ বিজয়ী দৰং গৌৰৱ কমাৰগাৱঁৰ অংকুৰজ্যোতি কলিতাকো ভাৰতীয় দলৰ হৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে সম্বদ্ধনা জনোৱা হয় ৷  দুয়োগৰাকী দৰং সন্তানে ভাৰত তথা অসমলৈ যি সন্মান কঢ়িয়াই আনিলে তাৰ বাবে উৎফুল্লিত হৈছে পশ্চিম দৰংবাসী ৰাইজ ৷

Byte --- উদ্যোক্তা
Debabrat goswami,Darrang
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.