ETV Bharat / state

দৰঙত পথ নিৰ্মাণৰ নামত মধ্যভোগীৰ লুন্ঠন - এমজিএনৰেগা

বিগত দুবছৰে অনাদৃত হৈ পৰি ৰৈছে দৰঙৰ দিপীলাৰ এম পি কে পথৰ পৰা ধোপৰতল সংযোগী পথছোৱা

দৰঙ পথ নিৰ্মাণ
author img

By

Published : Mar 17, 2019, 9:30 PM IST

দিপীলা, ১৭মাৰ্চঃ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত এতিয়াও ৰাজ্যত অসম্পুৰ্ণ হৈ পৰি ৰৈছে বহুসংখ্যক পথ ৷ দৰঙৰ দিপীলাৰ এটি গুৰুত্বপূৰ্ণ পথ আজি প্ৰায় দুবছৰে অনাদৃত হৈ পৰি ৰোৱা কথাই প্ৰমাণ কৰিছে এই কথা ৷

ছিপাঝাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত সৰাবাৰী গাঁও পঞ্চায়তৰ অধীনস্থ দিপীলা গাঁওৰ এম পি কে পথৰ পৰা ধোপৰতল সংযোগী এইটো হৈছে এক গুৰুত্বপূৰ্ণ পথ ৷ ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ অন্তত স্থানীয় বিধায়ক বিনন্দ কুমাৰ শইকীয়াই ২০১৭ চনৰ ৮ ডিচেম্বৰ তাৰিখে পথটোৰ আধাৰশীলা স্থাপন কৰিছিল । এম জি এনৰেগা আঁচনিৰ অধীনত প্ৰায় ৩৬ লাখ ৪২ হাজাৰ টকাৰে নিৰ্মাণ হ'বলগীয়া পথটোত কিন্তু আজিলৈকে কোনো কামেই নকৰিলে । প্ৰায় ১ কিলোমিটাৰ অংশৰ পথটো পকীকৰণৰ বাবে আৱন্টন দিয়া সিংঙভাগ ধনেই ঠিকাদাৰে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

দৰঙ পথ নিৰ্মাণ

বিজেপি বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ ঘনিষ্ঠ ঠিকাদাৰ ৰূপী কেইজনমান যুৱকে ছিপাঝাৰ উন্নয়ন খণ্ডৰ বিষয়া তথা অভিযন্তাৰে মিলি আঁচনিৰ নামত আৱন্টন হোৱা ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিন কৰিছে স্থানীয় ৰাইজে । সৰাবাৰী গাঁও পঞ্চায়তৰ অধীনস্থ এই পথছোৱাৰ নিৰ্মাণৰ নামত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে জিলা উপায়ুক্তক শীঘ্ৰেই তদন্ত কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।

 Sulg_A_DARRANG_17MAR_801_ROAD INCOMPLETE_VIS_BYTE【FTP】

Anchor: দুৰ্নীতিৰ বিৰুদ্ধে কথা কৈ ক্ষমতাৰ গাদী দখল কৰা বিজেপিৰ শাসনকালত চলিছে ব্যাপক দুৰ্নীতি। দৰঙৰ দিপীলাত পকী পথ নিৰ্মাণৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি।

V/O :  ছিপাঝাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত এইটো হৈছে অতি গুৰুত্বপূৰ্ণ গ্ৰাম্য পথ। এম পি কে পথৰ পৰা ধোপৰতল সংযোগী পথছোৱা ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ পৰিপ্ৰেক্ষিতত ২০১৭ চনতে নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। আঁচনি মতে পথছোৱাৰ এক কিলোমিটাৰ অংশ ইটাৰে পকী কৰন  কৰিব লাগে যদিও পকী কৰণ কৰাটো বাদেই এচপৰা ইটাই নপৰিল পথটোত। ৩৬ লাখ ৪২ হাজাৰ টকাৰ সিংহ ভাগ ধন ইতিমধ্যেই বিজেপি বিধায়ক বিনন্দৰ ঘনিষ্ঠ ঠিকাদাৰ ৰূপী কেইজনমান যুৱকে ছিপাঝাৰ উন্নয়ন খণ্ডৰ বিষয়া অভিযন্তাৰে মিলি আত্মসাত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। মহাত্মা গান্ধী গ্ৰাম্য ৰোজগাৰ আঁচনিৰ অধীনত নিৰ্মাণ হবলগীয়া এই পথছোৱা নিৰ্মাণত সংঘটিত ব্যাপক দুৰ্নীতি আৰু অন্যায়ৰ বিৰূদ্ধে ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ।

ভাষ্য: স্থানীয় ৰাইজ।

ৰাইজে সৰাবাৰী পঞ্চায়তৰ অন্তৰ্গত এই পথ চোৱাত সংঘটিত দুৰ্নীতিৰ তদন্ত কৰি কঠোৰ ব্যবস্থা লবলৈ দৰঙৰ উপায়ুক্তক দাবী জনাইছে।
Debabrat goswami. Darrang.ftp kariso
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.