দলগাঁও,22 নৱেম্বৰ: দৰঙৰ দলগাঁৱৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দেওবাৰে এখন তীব্ৰবেগী বাইকৰ খুন্দাত নিহত হয় এগৰাকী পথচাৰী ৷ খাৰুপেটীয়াৰ পৰা বেচিমাৰী অভিমুখে গৈ থকা এএছ 13 এম 3125 নম্বৰৰ এখন পালচাৰ বাইকে দলগাঁৱৰ মাজমজিয়াস্থিত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰে অহা এগৰাকী পথচাৰীক খুন্দিয়াই ৷ দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হয় ফজলুল ৰহমান নামৰ ৬০ বছৰীয়া ব্যক্তিগৰাকী ৷ আহত ব্যক্তিগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও আদবাটতে মৃত্যুবৰণ কৰে ৷ মৃত্যু হোৱা ব্যক্তিগৰাকী দলগাঁৱৰ জামালপুৰৰ ফজলুৰ ৰহমান বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা বাইক আৰোহীগৰাকীক আৰক্ষীয়ে পিছত আটক কৰে ৷
